কাছাৰ, 9 এপ্ৰিলঃ বৃহস্পতিবাৰে কাছাৰ জিলাৰ সোনাই আৰু ধলাই সমষ্টিৰ কেইবাখনো গাঁৱত চেনিটাইজেশ্যন কৰোৱা হয় । শিলচৰৰ নিকটবৰ্তী শিলকুৰি চাহ বাগিছাস্থিত ঐতিহ্যমণ্ডিত বৰম বাবাৰ মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত কৰা হয় চেনিটাইজেশ্যন । চেনিটাইজেশ্যনৰ সময়ত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । পিঠিত চেনিটাইজাৰ মেচিন লৈ মন্ত্ৰী গৰাকীয়ে নিজেও এই কাৰ্যত অংশ লয় । দুৰ্গাকোনা, চাতলা, শিলকুৰি কেম্প, শিলকুৰি বজাৰ, শিলকুৰি বৰম বাবাৰ মন্দিৰ, বাৰিক নগৰ, ফকিৰটিলা, ঘুংঘুৰ আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় পইন্টত চেনিটাইজেশ্যন কৰোৱা হয় ।
লগতে পঢ়কঃ মহানগৰীৰ ৰাজপথত নিজেই চেনিটাইজেশ্বনত নামিল মুখ্যমন্ত্ৰী