শিলচৰ, 6 মে': লক্ ডাউনৰ মাজতে শিলচৰত আৰক্ষীৰ গৃহত সংঘটিত ডকাইতিৰ ঘটনা । মঙলবাৰে নিশা শিলচৰৰ উত্তৰ কৃষ্ণপুৰৰ নাথপাৰত সংঘটিত হয় এই ঘটনা । ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষী কৰ্মী সঞ্জু নাথ কৰ্তব্যৰত অৱস্থাত আছিল ।
সেই সময়ত তেওঁৰ পত্নী আৰু সন্তান ঘৰত আছিল । নিশা প্ৰায় 12 বজাত ডাকাইতৰ এটা দলে ঘৰৰ দুৱাৰ ভাঙি প্ৰবেশ কৰি আৰক্ষীগৰাকীৰ পুত্ৰক মাৰপিট কৰে । লগতে 10-12 জনীয়া ডকাইতৰ দলটোৱে লুটি নিয়ে প্ৰায় 40-50 হাজাৰ নগদ ধনৰ লগতে সোণৰ অলংকাৰ ।
লগতে পঢ়কঃ লক্ ডাউনে বিধ্বস্ত কৰা আমগুৰিৰ কুটীৰ শিল্পীৰ মনৰ কথাৰে...