কাছাৰ, 16 অক্টোবৰ : কাছাৰৰ কাবুগঞ্জত এক ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এখন ট্ৰাকৰ খুন্দাত ঘটনাস্থলীতে মৃত্যুক সাৱটি লৈছে মাতৃ-কন্যাই ৷ কন্যাক স্কুললৈ নিয়াৰ সময়তে এখন ট্ৰাকে মহতিয়াই নিয়ে মাতৃ পিংকী পালৰ লগতে কন্যা তানিয়া পালক ৷ লক্ষীচৰন হাইস্কুলৰ সন্মুখত সংঘটিত এই ঘটনাৰ পাছতে ক্ষুদ্ধ ৰাইজে জ্বলাই দিয়ে অন্য এখন ট্ৰাক ৷
উল্লেখ্য যে, NL01AB- 3211 নম্বৰৰ মিজোৰাম অভিমুখী ট্ৰাকখনে মহতিয়াই নিয়ে মাতৃ-কন্যাক ৷ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে ঘটনাস্থলীত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী ৷ উত্তপ্ত ৰাইজে মৃতদেহ লৈ শিলচৰ-আইজল 54 নম্বৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে ৷