বৰাক, 7 ছেপ্তেম্বৰ : ৰাজ্যত সৃষ্টি হৈ যোৱা প্ৰলয়ংকাৰী বানৰ ফলত শেহতীয়াকৈ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ গৰাখহনীয়া ৷ ইতিমধ্যে, নদীৰ বুকুত জাহ গৈছে ৰাইজৰ ঘৰ-মাটিকে আদি কৰি বিস্তৰ কৃষিভূমি ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে বৰাকতো অব্যাহত আছে তীব্ৰ গৰাখহনীয়া ৷ বৰাক নদীৰ খহনীয়াত জাহ গৈছে কাছাৰ জিলাৰ বিস্তৰ অঞ্চল ৷ জিলাখনৰ শালচাপৰা অঞ্চলৰ ৰাইজ বৰ্তমানে খহনীয়াৰ কবলত পৰি ঘৰ-মাটি হেৰুৱাৰ উপক্ৰম হৈছে ৷
অঞ্চলবাসীয়ে জানিবলৈ দিয়া অনুসৰি, বিগত 20 বছৰৰ পৰা বৰাক নদীৰ খহনীয়াই ৰাইজক জুৰুলা কৰি আহিছে ৷ স্থানীয় বিধায়ক তথা জলসম্পদ বিভাগক সমস্যা সমাধানৰ বাবে ৰাইজে বাৰাম্বাৰ অনুৰোধ কৰাৰ পিচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ যাৰবাবে খহনীয়াগ্ৰস্ত ৰাইজে পুনৰ বিভাগীয় কৰ্তৃপক্ষক সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে ৷
লগতে পঢ়ক : এন আৰ চি পুনৰীক্ষণক লৈ মিছা মাতিছে চৰকাৰে : উপমন্যু হাজৰিকা