ETV Bharat / state

শিলচৰ ডিটেনশ্যন কেম্পত বন্দী মহিলাক মুক্তি

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি লাভ কৰা মহিলাক আদৰণি শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালৰ ৷

author img

By

Published : Apr 21, 2020, 8:20 PM IST

Release a woman from Silchar detention camp
শিলচৰ ডিটেনশ্যন কেম্পত বন্দী মহিলাক মুক্তি

শিলচৰ, 21 এপ্ৰিলঃ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আজি মুকলি কৰি দিয়া হয় 50 বছৰীয়া এগৰাকী মহিলাক ৷ কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিৰ জয়পুৰ তৃতীয় খণ্ডৰ মহিলাগৰাকীৰ নাম সীমা বৰ্ধন ৷ 2017 চনৰ 10 এপ্ৰিলৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল মহিলাগৰাকী ৷ কিন্তু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এখন অন্তৱৰ্তী আদেশত 2 বছৰৰ অধিক সময় বন্দী হৈ থকা লোকক জামিনত ৰেহাই দিয়াৰ নিৰ্দেশ জাৰি হোৱাৰ পিছতে মহিলাগৰাকীয়ে জামিনত মুক্তি লাভ কৰে ৷ ইপিনে মহিলাগৰাকীয়ে জামিন লাভ কৰাৰ পিছতে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ মহিলাগৰাকীক আদৰণি জনায় ৷ উল্লেখ্য যে,মহিলাগৰাকীৰ জামিন লাভ কৰাত সহায় কৰে বিধায়ক দিলীপ কুমাৰ পালৰ লগতে সমাজ কৰ্মী বিশ্বজিত ছেত্ৰীয়ে ৷ আনহাতে সাংবাদিকৰ আগত বিধায়ক দিলীপ কুমাৰ পালে 'ডি ভোটাৰ'ৰ সৃষ্টিৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰি তীব্ৰ সমালোচনাও কৰে ৷

লগতে পঢ়কঃ COVID-19ত প্ৰাণ হেৰুওৱা লোকৰ সমাধিক লৈ স্থানীয় ব্যক্তিৰে আৰক্ষীৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.