কাচাৰ,22 ডিচেম্বৰ: 2021ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী প্ৰচাৰক লৈ ব্যাপক ব্যস্ততা দেখা গৈছে ৷ ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক পথাৰত বহুকেইটা নতুন ৰাজনৈতিক দলে ভুমুকি মাৰিছে ৷ প্ৰত্যেক ৰাজনৈতিক দলেই নিজা নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টী (বিজেপি)য়েও ব্যাপক তৰিৎ গতিত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷
সোমবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে কাচাৰ জিলাৰ বৰখলা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাই ৷ সোমবাৰে সমষ্টিটোত অনুষ্ঠিত হোৱা বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশ লৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে নিৰ্বাচনী ৰণশিঙা বজাই ৷ এক উৎসৱমুখৰ পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা এই কাৰ্যকৰ্তা সন্মিলন খনত বিজেপিৰ কৰ্মী সকলৰ লগতে বিধায়ক কিশোৰ নাথ উপস্থিত থাকে ৷
![ranjit das starts election campaign at barkhala constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9962381_image_ranjitdas.jpg)
উল্লেখ্য যে 2021ৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী থকা অৱস্থাত কোনটো ৰাজনৈতিক দলে দিছপুৰত গাদী দখল কৰিব সেই লৈ ৰাইজৰ মাজত ব্যাপক কৌতূহলে বিৰাজ কৰিছে ৷ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আছু (সদৌ অসম ছাত্ৰ সন্থা) আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৃষ্ঠপোষকতাত দুটা নতুন ৰাজনৈতিক দলে অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিছে ৷
নতুন ৰাজনৈতিক দলে 21ৰ নিৰ্বাচনত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব সেই লৈ চিন্তা চৰ্চা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ বিটিচি আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ বিপৰীতে বিজেপি দলে নিজা ৰণকৌশলেৰে প্ৰভুত্ব অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক:অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীক ধেমাজিত আদৰণি