কাছাৰ, 14 ডিচেম্বৰ: খোৱা পানীৰ বাবে চৰম সংকটৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰি শিলচৰ বদৰপুৰত দেওবাৰে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ খোৱা পানীৰ তীব্ৰ সংকটত ভোগা ৰাইজে হাতে হাতে খালী কলহ লৈ পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ জানিব পৰা মতে দেওবাৰে শিলচৰ বদৰপুৰ ৰাজপথৰ পাঁচগ্ৰাম পুৰণি বজাৰ পইন্টলৈ মহিলা সকল হাতে হাতে খালী কলহ লৈ উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি শীতৰ সময়ছোৱাত তেওঁলোক তীব্ৰ জল সংকটত পৰিছে ৷
প্ৰতিবাদকাৰী সকলে জনাই যে এই খোৱা পানীৰ সংকটৰ সমস্যা এদিন বা দুদিনীয়া নহয় ৷ বৰঞ্চ বিগত 30 বছৰে তেওঁলোকে এই সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ প্ৰতিবাদকাৰী সকলৰ মতে জনসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা আহি প্ৰতিবাদথলীত উপস্থিত হৈ এই সমস্যাৰ স্থায়ী সমাধান নোলোৱা পৰ্যন্ত দুদিনৰ অন্ত পানী যোগান দিব বুলি লিখিতভাৱে প্ৰতিশ্ৰুতি দিছে ৷
লগতে পঢ়ক:এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে কাছাৰৰ বাগবাহাৰবাসী
তেওঁলোকে লগতে জনাই যে তেওঁলোক যদিও জ্ঞাত যে এনেধৰণে পথ অৱৰোধ কৰা কাৰ্য এক অপৰাধ তথাপি বিগত 30 বছৰে চৰকাৰ তথা প্ৰশাসনে এই সমস্যা সমাধানৰ ক্ষেত্ৰত কাৰ্যত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে তেওঁলোকে এনেদৰে পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷ অভিযন্তা গৰাকীয়ে দিয়া লিখিত প্ৰতিশ্ৰুতি অনুসৰি পানী যোগান নিদিলে পুনৰ এনে অৱৰোধৰ কাৰ্যসূচী ল'ব বুলিও প্ৰতিবাদকাৰী সকলে সকীয়াই দিয়ে ৷
লগতে পঢ়ক: কাছাৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক জিতেন্দ্ৰ সিঙৰ সভাত উত্তপ্ত পৰিস্থিতি
জনপ্ৰতিনিধিয়ে প্ৰত্যেকবাৰেই নিৰ্বাচনৰ সময়ত পানীৰ সমস্যাৰ স্থায়ী সমাধান দিব বুলি কথাৰ ফুলজাৰি মৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে কয় যে লোকসভা, বিধানসভা অথবা পঞ্চায়ত নিৰ্বাচন যিয়েই নহওক প্ৰতিবাৰেই ৰাজনৈতিক নেতা পালিনেতাই পানীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি ভোট বিচাৰে কিন্তু নিৰ্বাচনত জয় লাভ কৰাৰ পাছতে সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয় ৷
লগতে পঢ়ক: কাছাৰ জিলাৰ উপায়ুক্তৰ মিজো আগ্ৰাসন অঞ্চল পৰিদৰ্শন