কাছাৰ, 18 আগষ্ট : কাছাৰ জিলাৰ কাটিগড়াত অবৈধ শিলৰ ব্যৱসায়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কালাইনচড়া চাহ বাগিছাৰ শ্ৰমিকসকলে ৷ বন বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি কাটিগড়াৰ বিভিন্ন অঞ্চলৰ পৰা শিলৰ মাফিয়াই শিলৰ কোৱাৰীৰ পৰা অবৈধ বাবে শিলৰ খনন কৰি ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ অঞ্চলটোৰ কালাইনচড়া চাহ বাগিছাৰ গাতে লাগি থকা গুমড়া শিলৰ কোৱাৰীৰ শিলৰ মাফিয়াই চাহ বাগিছাখনৰ মাটিৰ পৰা অবৈধ ভাবে শিলৰ খনন কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে চাহ বাগিছাখনৰ পৰিচালক প্ৰদীপ ডেকাই ৷ তদুপৰি শিল খননৰ নিমিত্তে কৰা বৃহৎ বৃহৎ গাঁতসমূহৰ বাবে যিকোনো সময়ত অঞ্চলটোত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকাই বিৰাজ কৰিছে ৷
উল্লেখ্য যে, উক্ত বিষয় সন্দৰ্ভত বাগিছাখনৰ কতৃপক্ষৰ ফালৰ পৰা বাৰম্বাৰ বন বিভাগক, জিলা প্ৰশাসন, আৰক্ষীক অৱগত কৰি অহাৰ পাছতো আজিকোপতি এই বন ধ্বংসকাৰীৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ যাৰ ফলতে দেওবাৰে বাগিছাৰখনৰ শ্ৰমিক কৰ্মচাৰীসকলে এই কাৰ্যৰ বিৰোধীতা কৰে ৷ আৰু অতি সোনকালে এই কাৰ্য বন্ধ নহ'লে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক : ৬৮সংখ্যক 'মন কী বাত'ৰ বাবে দেশবাসীৰ পৰা উপদেশ বিচাৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে