ETV Bharat / state

পঞ্চগ্ৰাম কাগজ কল মুকলিৰ দাবী ভাৰতীয় মজদুৰ সংঘৰ - Press meet issue for cachar paper mill

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি শনিবাৰে কাছাৰ জিলাৰ পঞ্চগ্ৰাম কাগজ কলৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতে ভাৰতীয় মজদুৰ সংঘৰ সভাপতি উৎপল দত্ত চৌধুৰীয়ে সম্বোধন কৰে এখন সংবাদ মেল ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কাগজ কলৰ কৰ্মচাৰী সকলৰ দৰমহা নিয়মীয়া কৰাৰ লগতে কাগজ কলটো পুনৰ মুকলি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সময়ত উচিত ব্যৱস্থা গ্ৰহণ নকৰাত ইয়াৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে ৷

পঞ্চগ্ৰাম কাগজ কল মুকলিৰ দাবী ভাৰতীয় মজদুৰ সংঘৰ

author img

By

Published : Jan 17, 2021, 7:14 AM IST

শিলচৰ, 17 জানুৱাৰী: শনিবাৰে কাছাৰ জিলাৰ পঞ্চগ্ৰাম কাগজ কলৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মেল আয়োজন কৰে ভাৰতীয় মজদুৰ সংঘই ৷ বিগত সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কাগজ কলৰ কৰ্মচাৰী সকলৰ দৰমহা নিয়মীয়া কৰাৰ লগতে কাগজ কলটো পুনৰ মুকলি কৰাৰ বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছিল যদিও কৰ্মচাৰী সকলৰ দাবী সমূহ পুৰণ নকৰিলে কোনো এখন চৰকাৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ পৰে কৰ্মচাৰী সকল ৷

ইফালে, ভাৰতীয় মজদুৰ সংঘৰ সভাপতি উৎপল দত্ত চৌধুৰীয়ে শনিবাৰে শিলচৰত আয়োজিত সংবাদ মেল খনৰ জৰিয়তে চৰকাৰৰ এনে ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে ৷ চৰকাৰে বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি কাগজ কলটোৰ কৰ্মচাৰী সকলক অন্ধকাৰৰ ফালে ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰে সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: বৰাকৰ ইতিহাস পুনৰ লিখাৰ দুঃসাহস নকৰিবলৈ মুখ্যমন্ত্ৰীক সকিয়নী সুস্মিতা দেৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.