ETV Bharat / state

অন্ কেমেৰা ট্ৰাকৰ পৰা ধন সংগ্ৰহ কাছাৰ আৰক্ষীৰ

author img

By

Published : Sep 23, 2020, 8:25 AM IST

ৰাজপথত ট্ৰাকৰ পৰা আৰক্ষীৰ ধন সংগ্ৰহৰ দৃশ্য বন্দী কেমেৰাত ৷ নাকা চেকিঙৰ নামত প্ৰতিখন ট্ৰাকৰ পৰা টকা সংগ্ৰহ ধলাই আৰক্ষীৰ ৷

নাকা চেকিঙৰ নামত প্ৰতিখন ট্ৰাকৰ পৰা টকা সংগ্ৰহ ধলাই আৰক্ষীৰ
কেমেৰাত বন্দী কাছাৰ আৰক্ষীৰ ধন সংগ্ৰহৰ দৃশ্য

কাছাৰ, 23 ছেপ্তেম্বৰ : বহু সময়ত কাছাৰ আৰক্ষীৰ বিৰুদ্ধে বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ পুনৰবাৰ এই কথাকে প্ৰমাণিত কৰিলে কেমেৰাত বন্দী হোৱা এক দৃশ্যই ৷ এই দৃশ্য বন্দী হ'ল কাছাৰ জিলাৰ শিলচৰ-মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথৰ ধলাইত ৷

অভিযোগ অনুসৰি, প্ৰতিদিনেই এই পথেদি মিজোৰামলৈ অহা-যোৱা কৰা মালবাহী ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰে স্থানীয় ধলাই আৰক্ষীৰ লোকে ৷ এই ধন সংগ্ৰহৰ নেতৃত্ব প্ৰদান কৰি আহিছে ধলাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাব উদ্দিন লস্কৰে ৷ ৰাজপথৰ মাজত নাকা চেকিঙৰ নামত প্ৰতিদিনেই আৰক্ষীক বহাই ৰাখি টকা সংগ্ৰহ কৰায় চাহাব উদ্দিনে ৷

ধলাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাব উদ্দিন লস্কৰ

প্ৰতিখন ট্ৰাকৰ পৰা 100 ৰ পৰা 500 টকাকৈ সংগ্ৰহ কৰে চাহাব উদ্দিনৰ নেতৃত্বত আৰক্ষীয়ে ৷ এনেদৰে প্ৰতিদিনেই হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰে আৰক্ষীৰ লোকসকলে ৷ এগৰাকী ট্ৰাক চালকে নিজ মুখেৰে জানিবলৈ দিয়ে এই কথা ৷ ইপিনে ধন সংগ্ৰহৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পাচতে স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে আৰক্ষীৰ লোকসকলে ৷

লগতে পঢ়ক : কৃষি আইন প্ৰত্যাহাৰৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.