কাছাৰ, ৫ জুন : লক ডাউনৰ মাজতে শুকুৰবাৰে কাছাৰত আৰক্ষীৰ প্ৰহাৰত এগৰাকী ট্ৰা'কৰ ড্ৰাইভাৰ গুৰুতৰভাৱে আহত হয় । জানিব পৰা মতে , বৃহস্পতিবাৰে এখন গেছ টেঙ্কিৰ AS-01DC-3225 নম্বৰৰ এখন ট্ৰাক গুৱাহাটীৰ পৰা আহি থকা অৱস্থাত কাছৰৰ মালিডৰত কাছাৰ পুলিচে ৰখাই মাৰপিট কৰাৰ অভিযোগ উখাপন হৈছে । আৰক্ষী বিষয়াজনৰ প্ৰহাৰত গুৰুতৰ আঘাতপ্ৰাপ্ত হয় ড্ৰাইভাৰজন ৷
ইফালে এই ঘটনাৰ পিছত অসম পে'ট্ৰলিয়াম মজদুৰ ইউনিয়নে উক্ত ঘটনা সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা উচিত তদন্ত বিচাৰিছে । আৰক্ষী গৰাকীৰ বিৰুদ্ধে ব্যবস্থা উপযুক্ত ব্যৱস্থা ল'বলৈ প্ৰশাসনক দাবী জনাইছে অন্যথা গে'ছ ট্ৰেংকাৰ বন্ধ ৰখাৰ হুংকাৰ দিয়ে ইউনিয়নে ।
লগতে পঢ়ক : ক'ত আছে "গেটৱে অৱ আছাম"