শিলচৰ,১৩ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কাছাৰ জিলাতো মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শুকুৰবাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হয় । সেই অনুসৰি শিলচৰত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ জলসম্পদ, সামাজিক ন্যায় আৰু সৱলীকৰণ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে চাইকেল ।
ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ৩.৬৯ লাখ নৱম শ্ৰেণীত অধ্যনৰত শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব চাইকেল । শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ শুভাৰম্ভ কৰা হয় । মন্ত্ৰী হাজৰীকাই অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানৰ জৰিয়তে কাছাৰ জিলাৰ মুঠ ২৪২২০ গৰাকী শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হ'ব চাইকেল । মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে জিলাখনত চাইকেল বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি উপস্থিত প্ৰায় তিনি হাজাৰোধিক শিক্ষাৰ্থীক উদ্দেশ্যি কয় যে তেওঁলোকে জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ অধ্যয়ন কৰিবই লাগিব ।
অধ্যৱসায়েৰে ভাৰতীয় নাগৰিকে ভাৰততে আনুষ্ঠানিক শিক্ষা লাভ কৰি গুগল, মাইক্ৰ'চফ্ট আদি বৃহৎ কোম্পানীৰ শীৰ্ষ পদবীত অধীস্থিত হ'বলৈ সক্ষম হৈছে । সেয়ে মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায় । আনহাতে শিক্ষা আৰু প্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালভাৱে সকলোৱে সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক স্বদেশ আৰু স্ব-জাতিৰ প্ৰতি দায়বদ্ধ হৈ জীৱনত আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় ।
বৰ্তমানৰ চৰকাৰখনৰ দিনত ৰাজ্যখনত বহুকেইখন নতুন চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰি কাৰ্যক্ষম কৰাৰ ফলত বহুতো স্থানীয় শিক্ষাৰ্থীয়ে চিকিৎসক আৰু অভিযন্তা হ'বলৈ সুযোগ লাভ কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । লগতে শিক্ষাৰ্থীসকলৰ উন্নয়নৰ বাবে সৰ্বতোপ্ৰকাৰে চৰকাৰে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে । উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগতে বিধায়কদ্বয় দীপ্যায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰায়, জিলা আয়ুক্তকে আদি কৰি আন আন বিষয়াসকলো উপস্থিত থাকে ।
লগতে পঢ়ক: Assam Govt distribute Bicycles : তিনিচুকীয়াৰ নৱম শ্ৰেণীৰ ১২৭৭০ গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান