শিলচৰ,৯ ফেব্ৰুৱাৰী: জনস্বাস্থ্য় কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে শিলচৰত আমৰণ অনশন কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷ মঙলবাৰে পুৱাৰে পৰা শিলচৰ পি.এইচ.ই কাৰ্য্যালয়ৰ সম্মুখত চাকৰি স্থায়ীকৰণৰ দাবীত অনশন ধৰ্মঘট আৰম্ভ কৰে কাৰ্যালয়ৰ অস্থায়ী কৰ্মচাৰী সকলে ৷ তেওঁলোকৰ দাবী চৰকাৰে তেওঁলোকৰ চাকৰি স্থায়ীকৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰা পৰ্যন্ত তেওঁলোকৰ এই আমৰণ অনশন ধৰ্মঘট অব্যাহত থাকিব ৷
লগতে তেওঁলোকে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছনৰ অধীনত ২০২৪ চনৰ ভিতৰত সকলোৰে ঘৰত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কাম হাতত লৈছে যদিও যিসকল কৰ্মচাৰী এই কামত নিয়োজিত থাকিব তেওঁলোকৰ প্ৰতি সুদৃষ্টি নাই চৰকাৰৰ ৷ তেওঁলোকে অভিযোগ কৰে যে কংগ্ৰেছ চৰকাৰৰ দিনত চাৰি পাঁচ মাহ তেওঁলোকে দৰমহা পাইছিল যদিও পৰিৱৰ্তনৰ নাম লৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত তেওঁলোকে এটকাও দৰমহা পোৱা নাই ৷ যাৰবাবে তেওঁলোকে এতিয়া বহু কষ্টৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷
লগতে পঢ়ক:হাইলাকান্দিৰ কাটলিছেৰাত মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়া লোকৰ ঘৰ