শিলচৰ, 23 নৱেম্বৰ: নতুন ৰূপ দিয়া হ'ব ৰাজ্যৰ আবকাৰী বিভাগক, এই ঘোষণা বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। শুকুৰবাৰে শিলচৰত আবকাৰী বিভাগৰ এখন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত তেওঁ জনায় যে, "যোৱা এক দুই বছৰৰ ভিতৰত আবকাৰী বিভাগৰ ৰাজহ 200/300 কোটি টকাৰ পৰা 2000 কোটি টকাৰ বৃদ্ধি পাইছে। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন ঠাইত বৰ্তমানো অব্যাহত আছে চুলাই মদৰ বেহা , এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱা হৈছে। উল্লেখ্য যে, গোলাঘাট আৰু আন ঠাইত নিহত লোকসকলক আৰ্থিক সকাহ দিয়া হব বুলিও জনায় পৰিমল শুক্লবৈদ্যই ।
নতুন ৰূপ দিয়া হ'ব ৰাজ্যৰ আবকাৰী বিভাগক: পৰিমল শুক্লবৈদ্য - নতুন ৰূপ দিয়া হ'ব ৰাজ্যৰ আবকাৰী বিভাগক
ৰাজ্যৰ বিভিন্ন ঠাইত চুলাই মদ এতিয়াও আছে , এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱা হৈছে
![নতুন ৰূপ দিয়া হ'ব ৰাজ্যৰ আবকাৰী বিভাগক: পৰিমল শুক্লবৈদ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5150382-thumbnail-3x2-pp.jpg?imwidth=3840)