ETV Bharat / state

শিলচৰত বিনামূলীয়া শালি ধানৰ কঠিয়া বিতৰণ কৃষি বিভাগৰ - paddy distribution at tapang block under cachar district

শিলচৰত বানাক্ৰান্ত কৃষক ৰাইজক বিনামূলীয়াকৈ শালি ধানৰ কঠিয়া বিতৰণ ৷ 170 জন কৃষকৰ মাজত বিতৰণ কৰে এই কঠিয়া ৷

paddy distribution at tapang block under cachar district
শিলচৰত বিনামূলীয়া শালি ধানৰ কঠিয়া বিতৰণ কৃষি বিভাগৰ
author img

By

Published : Aug 13, 2020, 9:22 AM IST

শিলচৰ, 13 আগষ্টঃ কাছাৰ জিলাৰ শিলচৰত বানাক্ৰান্ত কৃষক ৰাইজক বিনামূলীয়াকৈ শালি ধানৰ কঠিয়া বিতৰণ কৰা হয় ৷ জিলাখনৰ বানাক্ৰান্ত কৃষকসকলক কৃষি বিভাগে যোগান ধৰে এই বিনামূলীয়া শালিধানৰ কঠিয়া ৷

উল্লেখ্য যে, ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হয় ৷ উক্ত বানত কৃষকসকলৰ লগতে ৰাইজৰ বহু সা-সম্পত্তিৰ লগতে কৃষিভূমি নষ্ট হয় ৷ ইফালে শালি ধান খেতিৰ বাবে কৃষকসকলে পৰা কঠিয়া সমুহ নষ্ট হোৱাত মূৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ ৷ ইফালে কৃষক ৰাইজক সহায় কৰা উদ্দেশ্যে বিভিন্ন জিলাত ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ বীজ যোগান ধৰাৰ লগতে কঠিয়া পৰা ব্যৱস্থা কৰে চৰকাৰে ৷

শিলচৰত বিনামূলীয়া শালি ধানৰ কঠিয়া বিতৰণ কৃষি বিভাগৰ

ঠিক একেদৰে কাছাৰ জিলাৰ বানাক্ৰান্ত কৃষক সকলৰ বাবেও বুধবাৰে ইতিমধ্যে কাছাৰ জিলা কৃষি বিভাগৰ কার্যালয়ত শালি ধানৰ কঠিয়া বিতৰণ কৰে জিলা কৃষি বিভাগে ৷ উক্ত কঠিয়া বিতৰণ অনুষ্ঠানত 170 জন কৃষকৰ মাজত বিতৰণ কৰে এই কঠিয়া সমূহ ৷

এই কঠিয়া বিতৰণ অনুষ্ঠানত উপস্থিত থাকে তাপাঙ ব্লকৰ এপি সভানেত্ৰী অনুৰাধা দেৱ কৃষি বিভাগৰ তাপাং ব্লকৰ উন্নয়ণ বিষয়া অপূৰ্ব লোচন নাথৰ লগতে বিজেপিৰ ব্লক মণ্ডলৰ সাধাৰণ সম্পাদক সঞ্জীব দেৱ ।

লগতে পঢ়ক-২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকাকৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.