ETV Bharat / state

নদীত গা ধুবলৈ গৈ নিখোজ যুৱক - ডলু নৈ

ডলু নৈত গা ধুবলৈ গৈ নিখোজ এজন যুৱক ৷ ইতিমধ্যে যুৱক জনক উদ্ধাৰৰ বাবে নদী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

One Youth Missing in Dolu River At Cachar
কাছাৰত নৈত গা ধুবলৈ গৈ নিখোজ এজন যুৱক
author img

By

Published : Aug 15, 2020, 7:38 PM IST

কাছাৰ,১৫আগষ্টঃ শনিবাৰে পুৱা কাছাৰৰ ডলু নৈত গা ধুবলৈ গৈ নিখোজ হয় ৰাজেশ ভাউৰী নামৰ এজন যুৱক ৷ জানিব পৰা মতে, পুৱা ৮ বজাত নিজা বাসগৃহৰ কাষতে থকা ডলু নদীত গা ধুবলৈ গৈছিল যুৱকজন ৷ কিন্তু বহু সময় লৈকে নৈৰ পৰা ওভতি নহাত যুৱকজনক বিচাৰি হুৱা-দুৱা লাগে পৰিয়ালৰ মাজত ৷

ইপিনে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে নদী আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত নদী আৰক্ষী উপস্থিত হৈ যুৱক জনৰ সন্ধানত তীব্ৰ অভিযান চলায় যদিও বৰ্তমানলৈকে যুৱক জনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই নদী আৰক্ষীয়ে ৷ উক্ত ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত উদ্ধাৰ গঁড়ৰ পোৱালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.