কাছাৰ, 16 জুলাই : কৰ'ণা ভাইৰাছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাছাৰ জিলাতো মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ বৃহস্পতিবাৰে জিলাখনত পুনৰ এজন ক'ভিড ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত্যু হোৱা লোকজনৰ নাম নাৰায়ণ মিত্ৰ বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷
শিলচৰ জানিগঞ্জৰ নিবাসী 77 বছৰীয়া লোকজন বৃহস্পতিবাৰে ৰাতিপুৱা শিলচৰ মেডিকেল কলেজ হাস্পাতালত মৃত্যু হয় বুলি জানিব পৰা গৈছে । উশাহ লোৱাত কষ্ট হোৱাৰ বাবে তেওঁক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল ৷ বৰ্তমানলৈ জিলাখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ দ্ধিতীয় গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে কাছাৰ প্ৰশাসনে ৷
উল্লেখ্য যে,বুধবাৰে নিশা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ ক'ভিড ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 19754 গৰাকী ৷ ইয়াৰ ভিতৰত 6815 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে যদিও 12888 গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিবলৈ সক্ষম হৈছে স্বাস্থ্য বিভাগে ৷ অসমত সৰ্বমুঠ ক'ভিড ৰোগত মৃ্ত্যু হোৱা লোকৰ সংখ্যা 48 গৰাকী ৷
লগতে পঢ়ক : হাস্পতালৰ পৰা অমিতাভ বচ্চনৰ টুইট