শিলচৰ, 11 মাৰ্চ: এইবাৰৰ বিধানসভা নিৰ্বাচনত উধাৰবন্ধ সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় তনয় ৰাহুল ৰয়ে ৷ বুধবাৰে শিলচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে আলগাপুৰৰ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ পুত্ৰ ৰাহুল ৰয়ে ৷ পিতৃয়ে কাটিগড়া সমষ্টিৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থীত্ব পোৱাৰ পিছত পুত্ৰই উধাৰবন্ধ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীর্ণ হ’ব এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত ৷ বুধবাৰে যথেষ্ট সংখ্যক সমৰ্থকেৰে বিশাল বাইক ৰেলি কৰি গৈ শিলচৰ উপায়ুক্তৰ কাৰ্যালয়ত ৰাহুল ৰয়ে দাখিল কৰিলে নিজৰ মনোনয়ন পত্ৰ ৷
মনোনয়ন পত্ৰ দাখিলৰ অন্তত প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, উধাৰবন্ধৰ ৰাইজে যিহেতুকে তেওঁক বিচাৰিছে, সেয়ে তেওঁ নিজ সমষ্টি এৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উধাৰবন্ধৰ পৰা নিৰ্বাচন খেলিব ৷ লগতে সমষ্টিবাসীৰ স্বার্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, সমষ্টিটোত তেওঁৰ জয় নিশ্চিত ৷ উল্লেখ্য যে, উধাৰবন্ধত কংগ্ৰেছ প্ৰাৰ্থী অজিত সিং আৰু বিজেপি প্ৰাৰ্থী মিহিৰ কান্তি সোমৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দিব ৰাহুল ৰয়ে ৷