ETV Bharat / state

শিলচৰত মাল্টি মডেল লজিষ্টিক পাৰ্ক, মাজুলি সংযোগী দলং নিৰ্মাণৰ ঘোষণা নিতীন গাডকাৰীৰ

author img

By

Published : Dec 25, 2020, 10:56 PM IST

নিতিন গাডকাৰীয়ে ৰংপুৰ জিৰো পইন্টত অটল বিহাৰী বাজপেয়ী স্মাৰক সমিতিৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উদ্বোধন কৰে ।

nitin gadkari at silchar
শিলচৰত মাল্টি মডেল লজিষ্টিক পাৰ্ক আৰু মাজুলি সংযোগী দলং নিৰ্মাণৰ ঘোষণা নিতীন গাডকাৰীৰ

শিলচৰ, 25 ডিচেম্বৰ : কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে শুকুৰবাৰে শিলচৰত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত ভাগ লয় ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমত শীঘ্ৰে শিলচৰত এখন মাল্টি মডেল লজিষ্টিক পাৰ্ক আৰু শিলচৰ-সৌৰাষ্ট্ৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ, মাজুলি সংযোগী দলং নিৰ্মাণৰ ঘোষণা কৰে ৷ তেওঁ লগতে বৰাক নৈৰ ওপৰত নতুনকৈ দুখন দলং নিৰ্মাণ কৰাৰ লগতে গুৱাহাটীত পানীত বিমান অৱতৰণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে ৷ মন্ত্ৰীগৰাকীয়ে 2021 চনৰ আৰম্ভণিতে আহি ইয়াৰ আধাৰশিলা স্থাপন কৰাৰ কথাও উল্লেখ কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথমে অসম বিশ্ববিদ্যালয় তাৰ পাছত ৰংপুৰত কৰ্মী সম্মিলন ভাগ লয় ৷ ইয়াৰ পাছতে মন্ত্ৰী নিতিন গাডকাৰীয়ে ৰংপুৰ জিৰো পইন্টত অটল বিহাৰী বাজপেয়ী স্মাৰক সমিতিৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উদ্বোধন কৰে । মন্ত্ৰীগৰাকীয়ে 2021 চনৰ নিৰ্বাচনত পুনৰ সৰ্বানন্দ সোণোৱালক অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰাৰ বাবে জনতাক আহ্বান জনায় ৷ নিতিন গাডকাৰীৰ প্ৰতিটো কাৰ্যসূচীত সংগ দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক : গুৱাহাটীত স্থাপন হ'ব দেশৰ ভিতৰতে সু-বিশাল চিকিৎসা মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.