শিলচৰ,22 ডিচেম্বৰ: কেন্দ্ৰীয় অনুসূচিত তালিকাত নাম অন্তৰ্ভুক্ত হ’ব লাগে বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলৰ ৷ এই দাবী নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ ৷ কেন্দ্ৰীয় অনুসূচিত তালিকাত অন্তৰ্ভুক্তিৰ দাবীত সোমবাৰে 12 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাই ৷ সংগঠনটোৰ অভিযোগ দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় অনুসূচিত তালিকাত বিষ্ণুপ্ৰিয়া মণিপুৰী লোকসকলৰ নাম অন্তৰ্ভুক্তিৰ বাবে বাৰে বাৰে আবেদন কৰাৰ পিচতো চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই ৷ যাৰ বাবে অৱশেষত এনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হোৱা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক-মুছলপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড