ETV Bharat / state

কৰ'ণাৰ বাবে মিজোৰামত বহিৰাগতৰ প্ৰৱেশ বন্ধ চৰকাৰৰ - কৰ'ণা ভাইৰাছৰ বাবে মিজোৰামত প্ৰৱেশ বন্ধ কৰি দিছে সকলো বহিৰাগত লোকৰ

বিশ্বৰ প্ৰায় 114 খন দেশলৈ বিয়পিছে এই মাৰাত্মক কৰণা ভাইৰাছ ৷ কৰ'ণা ভাইৰাছৰ বাবে মিজোৰামত প্ৰৱেশ বন্ধ কৰি দিছে সকলো বহিৰাগত লোকৰ ৷

Mizoram deny to entry for outsider due to covid-19
কৰ'ণাৰ বাবে মিজোৰামত বহিৰাগতৰ প্ৰৱেশ বন্ধ চৰকাৰৰ
author img

By

Published : Mar 14, 2020, 11:26 PM IST

কাছাৰ,14 মাৰ্চ: বিশ্বজুৰি এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19 য়ে ৷ বিশ্বৰ প্ৰায় 114 খন দেশলৈ বিয়পিছে এই মাৰাত্মক কৰ' ণা ভাইৰাছ ৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাইয়ো মহামাৰী হিচাপে ঘোষণা কৰিছে এই মাৰাত্মক ভাইৰাছক ৷ কৰণা ভাইৰাছৰ বাবে বিশ্বৰ সকলো দেশতে সজাগতা- তথা সচেতনতামূলক পদক্ষেপ লোৱাৰ সময়তে অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰাম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ কৰ'ণা ভাইৰাছৰ বাবে মিজোৰামত প্ৰৱেশ বন্ধ কৰি দিছে সকলো বহিৰাগত লোকৰ ৷ উল্লেখ্য যে মিজোৰাম চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে অসম মিজোৰাম সীমান্তৰ প্ৰৱেশদ্বাৰৰ ভাইৰেন্টিত থকা মিজোৰাম চৰকাৰৰ পাৰপত্ৰ পৰীক্ষা কেন্দ্ৰৰ লগতে সকলো চৰকাৰী বিভাগৰ চেক গেট সমুহ বন্ধ কৰি দিছে প্ৰশাসনে ৷ ইয়াৰ উপৰিও শিলচৰ আৰু আন ঠাইত থকা মিজোৰাম চৰকাৰৰ ইনাৰ লাইন পাৰমিট প্ৰদান কেন্দ্ৰ সমুহো সাময়িক ভাৱে বন্ধ কৰি দিছে প্ৰশাসনে ৷ কিন্তু জনসাধাৰণৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে যদিও সামগ্ৰী কাঢ়িয়াই নিয়া বাহিৰৰ ট্ৰাক আৰু আন যানবাহনৰ প্ৰৱেশত অনুমতি দিছে মিজোৰাম চৰকাৰে ৷

উল্লেখ্য যে, যানবাহনৰ চালক তথা সহকাৰী কোনো লোক লগত থাকিলে ভাইৰেন্টি প্ৰৱেশদ্বাৰত তেওঁলোকৰ প্ৰয়োজনীয় সকলো স্বাস্থ্য পৰীক্ষা কৰিছে যানবাহন প্ৰশাসনে ৷ ইয়াৰ ফলত মিজোৰাম সীমান্তৰ ভাইৰেন্টি লায়লাপুৰত কেইবা কিলোমিটাৰ পথত দেখা গৈছে যানবাহনৰ দীঘলীয়া শাৰী ৷ উল্লেখনীয় যে উক্ত ঠাইত উপস্থিত থাকি সকলো কাম-কাজৰ তদাৰকী কৰিছে কলাশিব জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত লিয়ানসাংজুয়ালা, জিলা মুখ্য স্বাস্থ্য বিষয়া লালহিলিম পুইয়া আৰু আন বিষয়া সকল ৷ লগতে শিলচৰ ট্ৰাক চালক সন্থাৰ সাধাৰণ সম্পাদক আনোয়াৰ হুছেইন চৌধুৰী, সন্থাৰ কৰ্মকৰ্তা নজিৰ উদ্দিন মজুমদাৰ আৰু আন কৰ্মকৰ্তা সকলেও তাত উপস্থিত হৈ সহায়ত আগবঢ়াই প্ৰশাসনক ৷

কৰ'ণাৰ বাবে মিজোৰামত বহিৰাগতৰ প্ৰৱেশ বন্ধ চৰকাৰৰ

উল্লেখ্য যে, আজিৰে পৰা ভাৰত চৰকাৰে ইতিমধ্যে বন্ধ কৰি দিছে সীমান্তৱৰ্তী দেশসমূহৰ সৈতে সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা বন্ধ কৰি দিছে ৷ নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমানৰ সৈতে 15 মাৰ্চ মাজৰাতিৰ পৰা সকলোধৰণৰ যোগাযোগ ব্যৱস্থা তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়াৰ নিৰ্দেশনা জাৰী কৰিছে ৷

লগতে পঢ়কঃ COVID-19 : কৰ'ণা ভাইৰাছক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱে : জনসম্পর্কৰক্ষী বিষয়া

For All Latest Updates

TAGGED:

silchar
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.