ETV Bharat / state

আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰত পুনৰ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা

author img

By

Published : Aug 23, 2020, 5:20 PM IST

পুনৰ কাছাৰত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা ৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক জাননীযোগে প্ৰকাশ কৰিছে এই তথ্য ৷

Lock Down Extend In Cachar District
আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰত পুনৰ লক ডাউন ঘোষণা কৰাৰ সম্ভাৱনা

শিলচৰ, 23 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে কাছাৰ জিলাতো কৰ'ণা মহামাৰীয়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷

শেহতীয়াকৈ জিলাখনত ক'ভিড-19 ত আক্ৰান্ত লোকৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ 26 আগষ্টৰ পৰা 4 ছেপ্তেম্বৰলৈ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা জিলাখনত ৷ দেওবাৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক জাননীযোগে প্ৰকাশ কৰিছে এই তথ্য ৷ কিন্তু লকডাউন সন্দৰ্ভত বৰ্তমানলৈ কাছাৰ প্ৰশাসনে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ৷

আনহাতে, এই সন্দৰ্ভত কাছাৰৰ সাংসদ ৰাজদ্বীপ ৰায়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলাত লকডাউন দিয়াৰ প্ৰয়োজন আছে ৷

উল্লেখ্য যে, কাছাৰ জিলাত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্য়া 4469 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্য়া 1498 গৰাকী আৰু মৃতকৰ সংখ্যা 18 গৰাকী ৷ একেদৰে, অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 87908 গৰাকী ৷ সুস্থ ৰোগীৰ সংখ্যা 65598 গৰাকী আৰু মৃতকৰ সংখ্যা 227 গৰাকী ৷

লগতে পঢ়ক : দেশবাসীক "নুৱাখাই জুহাৰ"ৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী তথা উপ-ৰাষ্ট্ৰপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.