ETV Bharat / state

শিলচৰত আৰক্ষীক পহুখেদা ৰাইজৰ

author img

By

Published : Oct 17, 2019, 6:15 PM IST

Updated : Oct 17, 2019, 6:34 PM IST

শিলচৰত ৰাইজৰ ৰোষত আৰক্ষী ৷ এটা চোৰক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ পিচত অসম আৰক্ষীৰ বৃহৎ দল এটাই নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

শিলচৰত আৰক্ষীক পহুখেদা ৰাইজৰ

শিলচৰ,17 অক্টোবৰ : বুধবাৰে নিশা শিলচৰৰ চহৰৰ তাৰাপুৰ অসমীয়া বস্তিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ উত্তেজিত ৰাইজে আৰক্ষীৰ লোকক পহুখেদা দিয়াৰ লগতে আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ কৰে ৷

শিলচৰত ৰাইজৰ ৰোষত আৰক্ষী

প্ৰাপ্ত তথ্য অনুসৰি,বিগত কেইবাদিন পূৰ্বে তাৰাপুৰৰ অসমীয়া বস্তিৰ এখন ম'বাইল দোকানত চুৰিকাণ্ড সংঘটিত হৈছিল ৷ চোৰে দোকানখনৰ পৰা লুটি লৈছিল কেইবা লক্ষাধিক টকাৰ ম'বাইল ৷ ভুক্তভোগী দোকানীজনে চুৰিকাণ্ড সন্দৰ্ভত তাৰাপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ লগতে চি চি টিভি ফুটেজো দাখিল কৰিছিল ৷ ইয়াৰ পাচতো চোৰটোক কৰায়ত্ত কৰাত ব্যৰ্থ হয় আৰক্ষী ৷

বুধবাৰে সন্ধিয়া স্থানীয় ৰাইজে চোৰটোক প্ৰত্যক্ষ কৰি উত্তম-মধ্যম সোধাই আবদ্ধ কৰি ৰাখে ৷ এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক ৷ তাৰপিচতে ক্ষুব্ধ ৰাইজে আৰক্ষীৰ লোকক পহুখেদা দিয়াৰ লগতে আৰক্ষীৰ বাহন ভাঙি চূৰমাৰ কৰে ৷ অৱশেষত ঘটনাস্থলীত অসম আৰক্ষীৰ বৃহৎ দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চোৰটোক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে ৷ এই ঘটনাক লৈ উত্তেজনা অব্যাহত আছে অঞ্চলটোত ৷

Intro:শিলচৰৰ তাৰাপুৰ অসমীয়া বস্তীত এক চোৰ কাণ্ডক লৈ পুলিচে খালে পহু খেদা ।ভাঙি দিলে পুলিচৰ গাড়ী ৰাইজে।Body:শিলচৰত উত্তপ্ত পৰিস্থিতি, পুলিচৰ গাড়ী ভাংচোর

শিলচৰ চহৰৰ তাৰাপুৰৰ অসমিয়া বস্তিত উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ ৰাইজে পুলিচৰ গাড়ী ভাংচোর কৰিছে। জানিব পৰা গৈছে, কেই দিন আগতে অসমীয়া বস্তিত এখন মোবাইল ফোনৰ দোকানত চুৰি হৈছিল। চুৰে লুটি নিছিল কেইবা লক্ষ টকাৰ দামী দামী মোবাইল ফোন। পিছ দিনা পুৱা দোকান চুৰি যোৱাৰ খবৰ পাই দোকান মালিক দোকানত গৈ সকলো চাই পিছত থানাত মামলা নথিভুক্ত কৰিছিল। লগতে চি চি টি ভি ফুটেজও প্ৰদান কৰিছিল যদিও পুলিচ একো পদক্ষেপ লোৱা নাই। আজি সন্ধিয়া স্থানীয় ৰাইজে চোৰটোক দেখিবলৈ পাই তাক আটক কৰি উত্তম-মধ্যম দি আবদ্ধ কৰি ৰাখে। এই খবৰ পাই তাৰাপুৰ পুলিচ ঘটনা স্থলিত গৈ উপস্থিত হ'লে ক্ষুব্ধ ৰাইজ পুলিচৰ উপৰ চড়াও হয়। তেওঁ চোৰটোক কৰায়ত্ব কৰিবলৈ যাওঁতে ৰাইজে পুলিচৰ গাড়ী ভাংচোর কৰে। পিছত শিলচৰ সদৰ থানাৰ পৰা পুলিচ ব্যাটেলিয়নৰ বৃহৎ বাহিনী আহি তেওঁ লোকক উদ্ধাৰ কৰে। একেলগে চোৰটোক ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰে।

----- বাইটConclusion:এতিয়া চাবলৈ আছে প্ৰশাসনিক কৰ্মকৰ্তায় কি পদক্ষেপ লয় ।
Last Updated : Oct 17, 2019, 6:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.