ETV Bharat / state

শিলচৰত ভয়ংকৰ ভূমিস্খলনত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়াল - ভূমিস্খলন

শিলচৰতো নেৰা- নেপেৰা বৰষুণৰ ফলত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা ৷ উক্ত ভূমিস্খলনত আহত হয় দুজনকৈ লোক। ঘটনাটোত বিস্তৰ ক্ষতি সাধন হৈছে পৰিয়ালটোৰ ।

ETV BHARAT
শিলচৰত ভয়ংকৰ ভূমিস্খলনত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়াল
author img

By

Published : Jun 1, 2020, 5:03 PM IST

শিলচৰ, 1 জুনঃ শিলচৰৰ শ্ৰীকোনাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ ভূমিস্খলনত আহত হয় পৰিয়ালৰ দুজন লোক ৷ সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো দীৰ্ঘ দিনে নেৰা- নেপেৰা বৰষুণ ৷ ফলত ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঠিক একেদৰে শিলচৰতো নেৰা-নেপেৰা বৰষুণৰ ফলত শিলচৰৰ শ্ৰীকোনাৰ বাংলাঘাটত সোমবাৰে ৰাতিপুৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । সমৰ দত্ত নামৰ লোকজনৰ ঘৰৰ ওপৰত পাহাৰৰ মাটি খহি পৰে । উক্ত ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটো যদিও আহত হয় দুজনকৈ লোক । আহত লোক দুজনৰ নাম সমৰ দত্ত,আৰু প্ৰদীপ দত্ত বুলি জানিবলৈ পোৱা গৈছে । এই ঘটনাটোত বিস্তৰ ক্ষতি সাধন হৈছে পৰিয়ালটোৰ ঘৰখন । পৰিয়ালটো ঘৰৰ ভিতৰত সোমাই থকা অৱস্থাতেই সংঘটিত হয় ঘটনাটো।

শিলচৰত ভয়ংকৰ ভূমিস্খলনত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়াল

অৱশ্যে ঘটনাটোত কথমপি পৰিয়ালৰ সকলো লোক ৰক্ষা পৰে ৷ তাৰোপৰি আন দুজন লোকৰ ঘৰতো ভূমিস্খলনত পৰিয়াল কেইটাৰ বিস্তৰ ক্ষতি সাধন হয় ৷ উক্ত ঘটনাটো স্থানীয় ৰাইজে ততালিকে প্ৰশাসনৰ লোকক অৱগত কৰে যদিও ঘটনাস্থলীত এতিয়ালৈ কোনো এজন জিলা প্ৰশাসনৰ লোক উপস্থিত নোহোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- জৰাসৰ নৈৰ গৰাখহনীয়াত জাহ গ'ল বিশাল কৃষিভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.