ETV Bharat / state

মুখ্যমন্ত্ৰী লৈ বোন্দাপৰ : ক্ষোভিত সাংবাদিকে দিলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি !

author img

By

Published : Jun 5, 2020, 2:06 AM IST

Updated : Jun 5, 2020, 4:41 AM IST

শিলচৰত মুখ্যমন্ত্ৰী সোণোৱালক লৈ অসন্তুষ্ট সংবাদকৰ্মী ৷ দিনৰ 12.30 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে অপেক্ষা কৰাৰ পাচতো সম্বোধন নকৰিলে মুখ্যমন্ত্ৰীয়ে ৷ যাৰ ফলত ক্ষোভিত সংবাদকৰ্মীসকলে অনুষ্ঠান বৰ্জন কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি দিয়ে ৷

journalist boycott cm's program in silchar

শিলচৰ, 4 জুন : শিলচৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুষ্ঠান বৰ্জন কৰিলে সংবাদমাধ্যমে ৷ জিলাখনৰ তথ্য আৰু জনসংযোগ বিভাগৰ পৰা দিনৰ বৃহস্পতিবাৰে দিনৰ ১২.৩০ অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্ৰীৰ অনুষ্ঠানলৈ সংবাদ মাধ্যমক আমন্ত্ৰন জনোৱা হৈছিল ৷ কাছাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত বিষয়াসকলৰ সৈতে মিলিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সেই বৈঠকত ভূমিস্খলনৰ সামগ্ৰিক অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে ৷ তাৰ পাচতেই কাৰ্যালয় চৌহদত গছ পুলি ৰোপন আৰু সংবাদ মাধ্যমক সম্বোধন কৰাৰ কথা আছিল মুখ্যমন্ত্ৰীয়ে ৷ যাৰ বাবে সেই স্থানত দিনৰ পৰাই সংবাদ মাধ্যমৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীকো ৰখা হৈছিল ৷

শিলচৰত মুখ্যমন্ত্ৰী সোণোৱালক লৈ অসন্তুষ্ট সংবাদকৰ্মী

কিন্তু আশ্বৰ্যজনকভাৱে দিনৰ 12.30 বজাৰ পৰা নিশা 7 বজালৈকে সাংবাদিকসকলে অপেক্ষা কৰিব লগীয়া হ'ল মুখ্যমন্ত্ৰীলৈ ৷ তথাপিও কিন্তু সাংবাদিকক সাক্ষাৎ নকৰিলে সৰ্বানন্দ সোণোৱালে ৷ যাৰ ফলত ক্ষোভিত হৈ সাংবাদিকসকলে মুখ্যমন্ত্ৰী সোণোৱালৰ অনুষ্ঠান বৰ্জন কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল হায় হায়, মুখ্য়মন্ত্ৰী গ' বেক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰে ৷ এদিন পূৰ্বে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত নৱমস্থান লাভ কৰা মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে এইদৰে সংবাদ মাধ্যম অসন্তুষ্ট হোৱা বাতৰি উদ্বেগজনক ৷

লগতে পঢ়ক : ভূমিস্খলনত পিচৰ পৰিস্থিতি বুজ ল'বলৈ শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী

Last Updated : Jun 5, 2020, 4:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.