শিলচৰ,6 ডিচেম্বৰ : শনিবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে বৰাক ভ্ৰমণলৈ আহিছে কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং ৷ শনিবাৰে শিলচৰ বিমানবন্দৰত উপস্থিত হৈ কৰিমগঞ্জলৈ ৰাওনা হয় জিতেন্দ্ৰ সিং ৷ কিন্তু শিলচৰ বিমানবন্দৰৰ পৰা কৰিমগঞ্জলৈ যোৱা পথতে তেখেতৰ কনভয়ক ৰাখই সুস্মিতা দেৱ মুৰ্দাবাদ, অজিত সিং মুৰ্দাবাদ ধ্বনি দিয়ে একাংশ ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীয়ে ৷
উল্লেখ্য যে, কংগ্ৰেছৰ তত্বাৱধায়ক গৰাকীৰ বৰাক ভ্ৰমণৰ সময়ছোৱাত উপত্যাকাৰ বিভিন্ন ঠাইত বহু কংগ্ৰেছ নেতাৰ ফটো লগোৱা হৈছে যদিও প্ৰয়াত প্ৰাক্তন মন্ত্ৰী মইনুল হকৰ এখটো ফটো নাই ৷ এই কাৰ্যক লৈ ক্ষুদ্ধ হৈ পৰে দলটোৰ একাংশ কৰ্মী ৷ ইয়াৰ পিছতেই জিতেন্দ্ৰ সিঙৰ কনভয়ক উদ্দেশ্যি সুস্মিতা দেৱ মুৰ্দাবাদ, অজিত সিং মুৰ্দাবাদ ধ্বনি দিয়ে কৰ্মীসকলে ৷ ইয়াকে লৈ পৰৱৰ্তী সময়ত কংগ্ৰেছ কৰ্মীসকলৰ মাজত হতাহতিৰো সৃষ্টি হয় ৷
লগতে পঢ়ক-সোমবাৰে বহু প্ৰতীক্ষিত বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্য়ায়ৰ ভোট গ্ৰহণ