ETV Bharat / state

ৰাজ্য়জুৰি হিন্দু বাঙালীৰ প্ৰতিবাদ - নৰ্থ ইষ্ট লিংগুইষ্টিক এণ্ড এথনিক কো-অৰ্ডিচন কমিটি

এন আৰ চিৰ পৰা লাখ লাখ হিন্দু বঙালীৰ নাম বাদ পৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ হিন্দু বঙালীৰ ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে হিন্দু বঙালীৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ ৷

অসমৰ বাঙালী হিন্দু তথা খিলঞ্জীয়া সকলৰ নাম এন আৰ চিৰ পৰা কৰ্তনৰ প্ৰতিবাদ!
author img

By

Published : Sep 24, 2019, 6:06 PM IST

নিউজ ডেক্স, 24 ছেপ্টেম্বৰঃ এন আৰ চিত নাম নাহিল লাখ লাখ হিন্দু বাঙালীৰ ৷ ৰাজ্যজুৰি বাঙালী ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ ৷ মঙলবাৰে সংগঠনটোৱে ৰাজ্যজুৰি সাব্যস্ত কৰা প্ৰতিবাদৰ সময়চোৱাত উত্তাল পৰিৱেশে বিৰাজ কৰে ৰাজ্যৰ কেতবোৰ অঞ্চলত ৷

নগাঁৱত বাঙালী ছাত্ৰ ফেডাৰেচনৰ নগাওঁ জিলা সমিতিয়ে বিজেপি চৰকাৰে হিন্দু বাঙালীক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিটেনশ্যন কেম্প উঠাই দিয়াৰ কথা কৈ এতিয়া হিন্দু বাঙালীৰ কাৰণে ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিছে বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃবৰ্গই ৷

অসমৰ বাঙালী হিন্দু তথা খিলঞ্জীয়া সকলৰ নাম এন আৰ চিৰ পৰা কৰ্তনৰ প্ৰতিবাদত আৰু সকলো খিলঞ্জীয়া লোকৰ নাম বিনা চৰ্তে এন আৰ চিত সন্নিবিষ্ট কৰাৰ দাবীত বঙাইগাঁৱতো বঙালী যুৱ ছাত্ৰ ফেডাৰাচনে দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰ পাছতে জিলা উপায়ুক্তৰ জৰিয়তে পৃথকে পৃথকে প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে সংগঠনটোৱে ৷

অসমৰ বাঙালী হিন্দু তথা খিলঞ্জীয়া সকলৰ নাম এন আৰ চিৰ পৰা কৰ্তনৰ প্ৰতিবাদ!

ইফালে বৰাকতো হিন্দু বঙালীৰ নাম এন আৰ চিৰ পৰা নাম বাদ পৰাক লৈ নৰ্থ ইষ্ট লিংগুইষ্টিক এণ্ড এথনিক কো-অৰ্ডিচন কমিটিৰ উদ্যোগত মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ বৰাকৰ তিনি খন জিলা সদৰ ক্ৰমে হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জত ব্যবসায়িক প্ৰতিষ্ঠান বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰাকৰ জনতাই ৷ বাংলাদেশ, পাকিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা ধৰ্মীয় সংখ্যালঘু লোকক নাগৰিকত্ব প্ৰদান, কেব গৃহীতকৰণ, ডিটেনছন কেম্পৰ পৰা হিন্দু লোকক মুক্তি দিয়া , বিদেশী মুক্ত এন আৰ চি আৰু অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণ সমিতিত সকলো ভাষা গোষ্ঠীৰ প্ৰতিনিধিত্ব প্ৰদানৰ দাবীত বৰাকৰ তিনি জিল‍া সদৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

Intro:এন আৰ চিৰ পৰা ষড়যন্ত্ৰমূলক হিন্দু বঙালীৰ নাম কৰ্তনৰ অভিযোগ। হিন্দু বঙালীক লৈ ৰাজনীতি কৰিছে বিজেপি চৰকাৰে। নগাঁৱত বঙালী ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদী কাৰ্য্যসূচী।

Body:এন আৰ চিৰ পৰা ষড়যন্ত্ৰমূলকভাৱে ১২ লাখ হিন্দু বঙালীৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে বঙালী ছাত্ৰ ফেডাৰেচনৰ নগাওঁ জিলা সমিতিয়ে । বিজেপি চৰকাৰে হিন্দু বঙালীক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে সংহনটোৱে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিটেনশ্যন কেম্প উঠাই দিয়াৰ কথা কৈ এতিয়া হিন্দু বঙালীৰ কাৰণে ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিছে বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃবৰ্গই। চৰকাৰৰ বিৰুদ্ধে নগাওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী। চৰকাৰ বিৰোধী ধ্বনিৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
bite,
------------------------------------

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.