ETV Bharat / state

অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ হতাহতি - উত্তপ্ত হাইলাকান্দি

অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত সুৰক্ষাকৰ্মীৰ মাজত হতাহতিৰ দৃশ্য দেখিবলৈ পোৱা গৈছে । সীমান্তৱৰ্তী ধলছেড়া এলেকাত দুই ৰাজ্যৰ আৰক্ষীৰ মাজতে সংঘাত । ২ জুলাই তাৰিখে পুৱাৰ সময়তে দুই ৰাজ্যৰ আৰক্ষীৰ মাজত সৃষ্টি হয় এই সংঘাতৰ ঘটনা ।

অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা
অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা
author img

By

Published : Jul 2, 2021, 10:49 PM IST

কাছাৰ, 2 জুলাই : অসম-মিজোৰাম সীমান্ত সমস্যালৈ পুনৰ উত্তপ্ত হাইলাকান্দি ৷ এইবাৰ ঘটনাৰ স্থান হৈছে হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ গুটগুটিৰ বিলাইপুৰৰ গাঁৱৰ ধলছেড়া অঞ্চল ৷ উল্লেখযোগ্য যে, মিজো দুৰ্বৃত্তই কল গছ আৰু তামোল গছ ৰোপন কৰি অসমৰ প্ৰায় ১০ কিলোমিটাৰ ভূমি দখল কৰি পেলাইছে ৷ লগত মিজো দুৰ্বৃত্তই উক্ত অঞ্চলটোলৈ আহ যাহ কৰিবলৈ এটা অস্থায়ী পথো নিৰ্মাণ কৰিছে ৷

এই সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, হাইলাকান্দি জিলা প্ৰশাসনৰ লগতে বন বিষয়াৰ সহিতে এটা বিশাল আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় । ইপিনে যদিও অসম আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হয় কিন্তু অঞ্চলটোত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে মিজু দুৰ্বৃত্তই । যাৰ ফলত অসম আৰক্ষী আৰু মিজো আৰক্ষীৰ মাজত হতাহতিৰো সৃষ্টি হয় ৷ তাৰমাজতে শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ভূমি মিজোৰামে দখল কৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ, মিজোৰাম চৰকাৰ হায় হায়, অসমৰ ভূমি উদ্ধাৰ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । সংবাদ মাধ্যমৰ আগত কৃষক নেতা জহিৰ উদ্দিন লস্কৰে কয় যে, অসম চৰকাৰৰ নীৰৱ ভূমিকাৰ বাবেই মিজোৰামৰ দুৰ্বৃত্তই অসমৰ জমি দখলৰ সুযোগ লাভ কৰিছে ৷ লগতে কয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদায় কয় যে, বনাঞ্চলত বসবাস কৰা লোক সকলক উচ্ছেদ চলোৱা হ’ব ৷

অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা

কিন্তু এই ক্ষেত্ৰত নিমাত বা নিৰ্বিকাৰ কিয় বন মন্ত্ৰী ৷ জহিৰ উদ্দিন লস্কৰে বন মন্ত্ৰীক প্ৰত্যাবান জনাই কয়, প্ৰথমত মিজোৰামৰ বিৰুদ্ধে উচ্ছেদ চলাই অসমৰ ভূমি ৰক্ষা কৰক তাৰপাচত অসমৰ বনাঞ্চলত বাসবাস কৰা লোক সকলক উচ্ছেদ কৰিব । ইপিনে কাটলিছেড়া বিধায়ক সুজাম উদ্দিন লস্কৰে অসম মিজোৰাম সীমান্তকলৈ লয় প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, অসম মিজোৰাম সীমান্ত সমস্যা নিৰ্ধাৰণ কৰি আন্তৰ্জাতিক সীমান্তৰ দৰে অসম মিজোৰাম সীমান্তও কাঁটা তাৰ দি স্থায়ী সমাধান কৰাৰ দাবী জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ।

উল্লেখযোগ্য যে, বিগত কিছুদিনৰ পাৰ অসম মিজোৰাম সীমান্তৰ কাছাৰ জিলা আৰু হাইলাকান্দি জিলাৰ সীমান্তত মিজো দুৰ্বৃত্তই উত্তেজনা সৃষ্টি কৰি আহিছে ৷ কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ কাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তু দুই এমাহৰ ভিতৰতে এই সীমা সমস্যা সামাধান হ’ব বুলি ঘোষণা কৰা দেখা গৈছে ৷ সম্প্ৰতি সীমান্তবাসীয়ে আশা প্ৰকাশ কৰিছে যে, এইবাৰ এই দীৰ্ঘ দিনীয়া সীমা সমস্যা সামাধান হ’ব ৷

লগতে পঢ়কঃ প্ৰথমবাৰ আহিয়েই অসমৰ অজিতৰ হাতত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ অজিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.