কাছাৰ,৭ জানুৱাৰী: কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষক বিৰোধী আইন বাতিলৰ দাবীত বৃহস্পতিবাৰে কাছাৰ জিলাৰ বিভিন্ন দল সংগঠনে কাছাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। কৃষিমন্ত্ৰী অতুল বৰা কাছাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ এক বৈঠকত উপস্থিত থকাৰ সময়তে প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে মন্ত্ৰীগৰাকীক উপায়ুক্ত কাৰ্যালয়ত প্ৰত্যক্ষ কৰাত জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ।
পাচত পৰিস্থিতি অধিক বিষম হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু চি আৰ পি এফ মোতায়েন কৰি নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি । পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীক উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে বাহিৰলৈ লৈ যায় ।
উল্লেখযোগ্য যে,কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পাচৰে পৰাই দেশৰ কৃষকসকল মোডী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে । সেই আইনৰ বাতিলৰ দাবীৰে বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে । দিল্লী চলো কাৰ্যসূচী লৈ ৰাজধানী দিল্লী কঁপাইছে । তাৰ সমান্তৰালকৈ অসমতো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: কৃষক বিৰোধী আইন বাতিলৰ দাবীত নলবাৰীত প্ৰতিবাদ