ETV Bharat / state

Blackmailing in Cacher: ব্লেকমেইলিঙৰ চিকাৰ হৈ যুৱতীৰ আত্মহত্যা

author img

By

Published : Apr 14, 2023, 6:51 PM IST

ব্লেকমেইলিঙৰ চিকাৰ হৈ বিহ খাবলৈ বাধ্য হ’ল এগৰাকী যুৱতী ৷ ঘটনাৰ স্থান কাছাৰ জিলাৰ ৰায়পুৰ গাঁও (Girl committed suicide in Cachar) ৷

Blackmailing in Cacher
ব্লেকমেইলিঙৰ চিকাৰ হ’ল যুৱতী

কৰিমগঞ্জ, 14 এপ্ৰিল : প্ৰেমৰ বাবেই আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ল এগৰাকী যুৱতীয়ে ৷ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰা বাবেই নিজৰ জীৱন ত্যাগ কৰিবলৈ বাধ্য হ’ল যুৱতীগৰাকীয়ে ৷ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱা প্ৰেমিকৰ ব্লেকমেইলিঙৰ চিকাৰ হৈ বিষ খাবলৈ বাধ্য হয় ৰাজ্যখনৰ এগৰাকী যুৱতীয়ে (Girl committed suicide in Cachar) ৷

হৃদয়বিদাৰক ঘটনাটো সংঘটিত হৈছে কাছাৰ ৰায়পুৰ জিলাৰ বৰাখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষ্ণপুৰ-ভৈৰৱনগৰ পঞ্চায়তৰ অধীনৰ অৰুণাচল আৰক্ষী আউটপোষ্ট এলেকাৰ ৰায়পুৰ গাঁৱত ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, গাঁও খনৰ এগৰাকী যুৱতীৰ একেখন গাঁৱৰে ছিবাৰউদ্দিন নামৰ এজন যুৱকৰ সৈতে দীৰ্ঘদিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক ।

উক্ত যুৱতীগৰাকীৰ প্ৰতি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল জিলাখনৰ ভংগৰপাৰৰ হাছিম উদ্দিন লস্কৰ নামৰ এজন যুৱকে ৷ উক্ত প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবেই প্ৰেমিকে আক্ৰোশমূলকভাৱে গ্ৰহণ কৰে জঘন্য পন্থা, যিয়ে যুৱতীগৰাকীক ঠেলি দিলে আত্মহত্যা কৰিবলৈ (Cachar suicide news) ৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, এগৰাকী অন্য যুৱতীৰ জৰিয়তে যুৱতীগৰাকীয়ে গা ধুই থকা সময়ৰ ব্যক্তিগত মূহুৰ্তত গোপনে ম’বাইলত আৱদ্ধ কৰি যুৱতীগৰাকীৰ প্ৰেমিকলৈ পথিয়াই দিয়ে ৷ ইয়ে যুৱতীগৰাকীৰ প্ৰতি সন্দেহ ওপজায় প্ৰেমিকৰ মনত ৷ তাৰপিচতে থান-বান হৈ পৰে যুৱতীগৰাকীৰ সুদীৰ্ঘ প্ৰেমৰ সম্পৰ্কটো (Girl video viral) ৷

আনকি প্ৰেমিকজনে যুৱতীগৰাকীৰ ঘৰলৈ আহি নগ্ন ভিডিঅ’টো সন্দৰ্ভত পৰিয়ালক অৱগত কৰে ৷ যুৱতাগৰাকীয়ে ঘটনাটোত অত্যন্ত লজ্জা অনুভৱ কৰি আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিষ খাই আত্মহত্যাৰ চেষ্টা কৰা যুৱতীগৰাকীক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱ হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱতীগৰাকীৰ ।

সমগ্ৰ ঘটনাটোৱে অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনাৰ সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : Hema Malini: বিহুক বিহাৰৰ উৎসৱ বুলি কোৱা হেমা মালিনীয়ে অৱশেষত ক্ষমা বিচাৰি ক’লে,আই এম ছ'ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.