কাছাৰ,9 নৱেম্বৰঃ মঙলবাৰে কাচাৰ জিলাৰ বৰখলা সমষ্টিৰ অন্তৰ্গত বদৰপুৰ মাছিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক কিশোৰ নাথে ৷ বিধায়কগৰাকীয়ে 10 টাকৈ পৰিয়ালৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ উল্লেখ্য যে, এই আঁচনিৰ সহায়ত 50 টাকৈ পৰিয়ালে গৃহ নিৰ্মাণৰ অনুমোদন লাভ কৰিছে ৷
ইয়াৰোপৰি বিধায়ক কিশোৰ নাথে 89 লাখ 77 হাজাৰ 500 টকাৰে নিৰ্মাণ হ'বলগীয়া হিয়াৰবন্দ-কাশীপুৰ পথৰো আধাৰশিলা স্থাপন কৰে ৷ আনহাতে, বিধায়কগৰাকীৰ সৈতে আধাৰশিলা অনুষ্ঠানত বদৰপুৰ মাছিমপুৰ জিলা পৰিষদৰ সভানেত্ৰীৰ লগতে বহুকেইগৰাকী চৰকাৰী বিষয়ববীয়া উপস্থিত থাকে ৷
লগতে পঢ়কঃ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলিয়াগুলী