ETV Bharat / state

বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে অধ্যাপকৰ বিৰুদ্ধে গোচৰ - অসম বিশ্ববিদ্যালয়

শিলচৰৰ একাংশ সচেতন ব্যক্তিয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত 295 এ,294 আৰু 501 ধাৰাত কাছাৰ আৰক্ষী থানাত ৰুজু কৰিছে এক গোচৰ ৷ উক্ত গোচৰ ৰুজু হৈছে অসম বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে ৷ অধ্যাপকগৰাকীয়ে ফেচবুকত ভগৱান ৰামৰ নামত অপমানসূচক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

FIR Against profesor of Assam University for posting controversial post silchar cachar assam etv bharat news
অধ্যাপকৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : Aug 12, 2020, 7:09 AM IST

শিলচৰ,12 আগষ্ট: পুনৰ চৰ্চাত ফেচবুক বিতৰ্ক ৷ ফেচবুকত ভগৱান ৰামৰ নামত অপমানসূচক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে ৷ বিশ্ববিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপক অনিন্দা সেনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰুজু কৰা হৈছে এক গোচৰ ৷ চহৰখনৰ একাংশ সচেতন ব্যক্তিয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত 295 এ,294 আৰু 501 ধাৰাত কাছাৰ আৰক্ষী থানাত ৰুজু কৰে উক্ত গোচৰ ৷ বিষয় সন্দৰ্ভত শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ ৰোহিত নামৰ ছাত্ৰ এগৰাকীয়ে এনেদৰে উল্লেখ কৰে,হিন্দু দেৱ-দেৱীৰ বিৰুদ্ধে বিভিন্ন বিৰ্তকিতমূলক মন্তব্য প্ৰকাশ কৰাতো সাম্প্ৰতিক সময়ত একপ্ৰকাৰৰ ফেশ্বনত পৰিণত হৈছে ৷ সেয়ে বিষয়টোত তীব্ৰভাৱে গৰিহণা দিয়ে ছাত্ৰগৰাকীয়ে ৷ কোনো এগৰাকী নাগৰিকে চৰকাৰৰ কোনো সিদ্ধান্তৰ বিৰোধিতা কৰিব পাৰে,এয়া নাগৰিক গৰাকীৰ মৌলিক অধিকাৰ ৷ কিন্তু চৰকাৰৰ কোনো সিদ্ধান্তৰ বিৰোধিতা কৰাৰ নামত ধৰ্মীয় অনুভূতিত আঘাত হানি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱাতো মুঠেও সমীচিন নহয় ৷ অধ্যাপকগৰাকীৰ এনে কাৰ্য গ্ৰহণযোগ্য নহয় বুলি ছাত্ৰগৰাকীয়ে প্ৰকাশ কৰে ৷

ইপিনে গোচৰ ৰুজু হোৱাৰ পিছতো আৰক্ষীয়ে আটক কৰা নাই অধ্যাপকগৰাকীক ৷ আৰক্ষীয়ে ইতিমধ্যে অধ্যাপকগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা বুলি ব্যক্ত কৰে ৷ শান্তি-শৃংখলা অটুট ৰাখি আৰক্ষীয়ে বিষয়টোত আগবঢ়াৰ লগতে কোনো পৰিস্থিতিতে যাতে অশান্তিয়ে দেখা নিদিয়ে তাৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে চাওকঃ স্বাধীনতা দিৱসৰ পেৰেডত অংশ ল'বলগীয়া আৰক্ষীৰ দেহত কোভিড-19

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.