কাছাৰ, 11 ছেপ্তেম্বৰ: কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজনিখাল সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান ৷ ৰেঞ্জাৰ দিব্যজ্যোতি দেউৰীৰ নেতৃত্বত অহা প্ৰায় 80 জনীয়া এটা দলে অঞ্চলটোৰ প্ৰায় 40 টাকৈ ঘৰ ভাঙে ৷ গছ-গছনি আদিও কাটি তহিলং কৰে বন বিভাগৰ উচ্ছেদকাৰী দলটোৱে ৷ ভুক্তভোগী ৰাইজে উল্লেখ কৰা অনুসৰি, বিগত ডেৰ বছৰত অঞ্চলটোত 5 বাৰকৈ উচ্ছেদ অভিযান চলায় বন বিভাগে ৷ বন বিভাগ আৰু আৰক্ষীৰ এই উচ্ছেদ অভিযানত এটা ৰাজনৈতিক দলে সমৰ্থন কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক: পৰিবহন আয়ুক্ত সচিবৰ কাৰ্যালয়ত গাড়ী চালকৰ প্ৰতিবাদ