শিলচৰ, 3 এপ্ৰিল: কৰিম উদ্দিন বৰভূঞাৰ নেতৃত্বত মোক হত্যাৰ চেষ্টা চলোৱা হৈছিল- সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য কৰে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে ৷ বিগত 30 মাৰ্চত সোনাই বিধানসভা সমষ্টিত হোৱা নিৰ্বাচনী হিংসাৰ প্ৰতিক্ৰিয়া স্বৰূপে এইবাৰ মুখ খুলিছে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে ৷
নিৰ্বাচনী ৰণত জয়ী হ’বলৈ এই আই ইউ ডি এফৰ প্ৰাৰ্থী কৰিম উদ্দিন বৰভূঞাই ৰাজনৈতিক ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷ সোনাই বিধানসভা সমষ্টিত হোৱা নিৰ্বাচনী হিংসাত বহু ক্ষতি-সাধন হৈছিল বিজেপি প্ৰাৰ্থী গৰাকীৰ ৷ এ আই ইউ ডি এফ সমৰ্থক সকলে তেওঁৰ ওপৰত আক্ৰমন চলোৱাত তেওঁক বচাবলৈ দেহৰক্ষীয়ে শূণ্যলৈ গুলী চালনা কৰিছিল ৷ যাৰ ফলত এগৰাকী দেহৰক্ষী গুৰুতৰভাবে আহত হয় বুলি মন্তব্য কৰে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে ৷
লগতে পঢ়ক: অসমত লুঙী টুপীৰ চৰকাৰ হ’ব !