কাছাৰ,2 জুলাই: কাছাৰৰ পৌৰসভাৰ এলেকাত ঘোষণা কৰা হৈছে সান্ধ্য আইন ৷ প্ৰতিদিনে নিশা 7 বজাৰ পৰা পুৱা 7 বজালৈ এই সান্ধ্য আইন জাৰি কৰা হৈছে ৷ কিন্তু ইয়াৰ মাজতে কাছাৰত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈথে আতংক ৷ ৰাজ্য চৰকাৰে কোভিড-19ৰ ভয়াৱহতা দূৰ কৰিবলৈ পাৰ্যমানে ব্যৱস্থা গ্ৰহণ কৰিছে৷
অন্য এক খবৰৰ বাবে: কোভিড-19 : অসমৰ শেহতীয়া পৰিস্থিতি
বৰ্তমান কাছাৰত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা 98জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে 82জন চিকিৎসাধীন হৈ আছে ৷ এই মহামাৰীক ৰোধ কৰিবলৈ কাছাৰ প্ৰশাসনে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যাতায়তৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি আছে৷