নিউজ ডেস্ক,19 জানুৱাৰী : সমগ্ৰ দেশতে কোভিড প্ৰতিষেধকৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱা সময়তে এখন চিকিৎসা মহাবিদ্যালয়ত নষ্ট হৈছে 1000 কোভিড প্ৰতিষেধক ৷ এই ঘটনা সংঘটিত হৈছে অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ৷ জানিব পৰা মতে প্ৰয়োজনতকৈ কম তাপমাত্ৰাত প্ৰতিষেধকসমূহ ৰখাৰ বাবেই এইদৰে নষ্ট হয় 1000 পালি প্ৰতিষেধক ৷
শনিবাৰে চিকিৎসা মহাবিদ্যালয়খনত 100 গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছিল ৷ শুকুৰবাৰে চিকিৎসা মহাবিদ্যালয়খনে লাভ কৰিছিল 1000 পালি প্ৰতিষেধক আৰু এই প্ৰতিষেধকসমূহ ৰাখিব লাগে 10-18 ডিগ্ৰী তাপমাত্ৰাত ৷ কিন্তু মহাবিদ্যালয়খনে এই নীতি পালন নকৰাৰ ফলতেই নষ্ট হৈ যায় বহু মূল্যৱান কোভিডৰ প্ৰতিষেধকসমূহ ৷
নিৰ্ধাৰিত তাপমাত্ৰাতকৈ কম তাপমাত্ৰাত প্ৰতিষেধকসমূহ ৰখাৰ বাবে শনিবাৰে পুৱা বৰফৰ ৰূপত উদ্ধাৰ কৰা হয় প্ৰতিটো পালি ৷ পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ ফালৰ পৰা আৰু ১০০ পালি প্ৰতিষেধক চিকিৎসা মহাবিদ্যালয়খনলৈ প্ৰেৰণ কৰা হয় । ইমান বেছি প্ৰতিষেধক কিয় চিকিৎসা মহাবিদ্যালয়খনত ৰখা হৈছিল তাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : বঙাইগাঁৱত অগপৰ জাতীয় ঐক্য সমাৰোহ