ETV Bharat / state

কংগ্ৰেছে দৃষ্টিহীনতা ৰোগত ভূগিছেঃ আমিনুল হক লস্কৰ

author img

By

Published : Feb 6, 2021, 4:11 PM IST

বিজেপিৰ শাসনকালত হোৱা উন্নয়নমূলক কামক লৈ কংগ্ৰেছী নেতাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰৰ । তেওঁ কয় যে, কংগ্ৰেছৰ নেতাসকল দৃষ্টিহীনতা ৰোগত ভূগিছে আৰু সেইবাবে বিজেপিয়ে কৰা উন্নয়নমূলক কামবোৰ দেখা নাই । কাছাৰৰ শিলকুৰীত অনুষ্ঠিত বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন আৰু বিশাল সমদলত অংশ লৈ এই মন্তব্য কৰে সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰে ।

কংগ্ৰেছে দৃষ্টিহীনতা ৰোগত ভূগিছেঃ আমিনুল হক লস্কৰ
কংগ্ৰেছে দৃষ্টিহীনতা ৰোগত ভূগিছেঃ আমিনুল হক লস্কৰ

শিলচৰ, ৬ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে কাছাৰত বিজেপিৰ নিৰ্বাচনী ৰণডংকা । শুকুৰবাৰে কাছাৰৰ সোণাই সমষ্টিৰ শিলকুৰীত গেৰুৱা দলটোৱে বিশাল নিৰ্বাচনী সমদল উলিয়ায় । লগতে পৃষ্ঠাপ্ৰমুখ সন্মিলনো অনুষ্ঠিত হয় । এই সন্মিলনত প্ৰায় ২৮০০ গৰাকী পৃষ্ঠাপ্ৰমুখে অংশগ্ৰহণ কৰে । শুকুৰবাৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ তথা সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ বিশ্বৰূপ ভট্টাচাৰ্যৰ লগতে বিজেপিৰ জিলা কমিটীৰ কেইবাগৰাকীও বিষয়ববীয়া ।

অনুষ্ঠানত অংশ লৈ বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে কয় যে, পৃষ্ঠাপ্ৰমুখসকলে ভোটাৰসকলক সাক্ষাৎ কৰি দলে কৰি অহা কামৰ খতিয়ান দাঙি ধৰিব । লগতে বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০০ খনতকৈও অধিক আসন লাভ কৰিব বুলি মন্তব্য কৰে ।

আনহাতে, ধলাই সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী সমদলত অংশ লোৱা দলটোৰ নেতাসকলে বিজেপিয়ে উন্নয়নমূলক কাম-কাজ কৰা নাই বুলি কৰা অভিযোগৰ প্ৰত্যুত্তৰত আমিনুল হক লস্কৰে কয় যে, কংগ্ৰেছৰ নেতাসকল দৃষ্টিহীনতা ৰোগত ভূগিছে আৰু সেইবাবে বিজেপিয়ে কৰা উন্নয়নমূলক কামবোৰ দেখা নাই । লগতে তেওঁ কংগ্ৰেছৰ সেই নেতাসকলক প্ৰয়োজন হ'লে বিজেপিয়ে কৰা কল্যাণকামী কামবোৰ চোৱাৰ বাবে চছমাও যোগান ধৰিব বুলি কটাক্ষ কৰে ।

লগতে পঢ়ক:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল পক্ষী গণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.