কাছাৰ, 22 জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীয়ে তাণ্ডব চলাই থকাৰ মাজতে বুধবাৰে চৰকাৰী চাকৰি নিয়োগকলৈ কাছাৰ জিলাত বেংগলী ইয়ুথ ফৰা'ম নামৰ সংগঠনটোৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিলচৰ শ্ৰীকোনাৰ ONGC কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে শিলচৰৰ ONGC কাৰ্যালয়ত নিযুক্তি প্ৰযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছিল আৰু সেই নিযুক্তিত বৰাক ভেলীৰ এজন লোকে নিযুক্তি নোপোৱাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে ৷ সংগঠনটোৰ দাবী অনুসৰি, বৰাক ভেলীত অসমীয়া যুৱক-যুৱতিক নিযুক্তি দিয়াটো উচিত হোৱা নাই ৷ যাৰবাবে সংগঠনটোৰ ৰাইজে হাতে-হাতে প্লে'কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনকি, পৰৱৰ্তী সময়ত সংগঠনটোৰ দাবী মানি নচলে জংগী আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে ৷
লগতে পঢ়ক : আজিৰে পৰা বন্ধ আন্তঃ জিলা চলাচলঃ সষ্টম তিনিচুকীয়া আৰক্ষী