ETV Bharat / state

প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ শিলচৰ আৰক্ষীৰ

উত্তৰ প্ৰদেশৰ হাথৰচৰ ঘটনাৰ ন্যায় বিচাৰি শিলচৰত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ ৷ প্ৰতিবাদকাৰীসকলক শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় শিলচৰ সদৰ থানালৈ ৷

Congress Protest  on the road against protest UP rape
প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ শিলচৰ আৰক্ষীৰ
author img

By

Published : Oct 3, 2020, 9:10 AM IST

শিলচৰ, 3অক্টোবৰ : বলাৎকাৰ কৰি নৃশংসভাৱে এগৰাকী যুৱতীক হত্যা কৰা ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে শিলচৰত বিক্ষোভ প্ৰদৰ্শন কৰে কংগ্ৰেছে ৷ কাছাৰ জিলা যুৱ কংগ্ৰেছৰ নেতৃত্বত প্ৰদৰ্শন কৰা হয় এই বিক্ষোভ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSUI সহ কংগ্ৰেছৰ আটাইকেইটা গোটৰ সদস্যই শিলচৰ পাৰ্কৰোডৰ পথত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

প্ৰতিবাদকাৰী সকলে ''মোদী চৰকাৰ হায়, হায়, বিজেপি হায়, হায় যোগী আদিত্য নাথ মুৰ্দাবাদ'' আদি ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে ৷ ইয়াৰ পাচতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদস্থলীত উপস্থিত হয় জিলাখনৰ আৰক্ষী ৷ আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু যোগী আদিত্য নাথৰ প্ৰতিকৃতি দাহ কৰিবলৈও তৎপৰ হোৱা প্ৰতিবাদী সকলক গ্ৰেপ্তাৰ কৰে আৰু প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰি শিলচৰ সদৰ থানালৈ লৈ যায় ৷

প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ শিলচৰ আৰক্ষীৰ

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ হাথৰচত এগৰাকী যুৱতীক প্ৰথমে বলাৎকাৰ আৰু তাৰ পিচত বৰ্বৰভাৱে ৰাজহাড় ভাঙি, জিভা কাটি হত্যা কৰিছিল ৷ আৰক্ষীয়ে পৰিয়ালৰ লোকক মৃতদেহ চমজাই নিদিয়াকৈ যুৱতীগৰাকীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিছিল ৷

অন্য এক খবৰৰ বাবে: প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.