শিলচৰ, 25 জুলাই : অসমৰ সীমান্তৱৰ্তী লোকসকলে আজিকোপতি এক আতংকময় পৰিৱেশৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ অসম-নাগালেণ্ড (ASSAM-NAGALAND) সীমা বিবাদৰ দৰে আজিও অন্ত পৰা নাই অসম-মিজোৰামৰ (ASSAM-MIZORAM) সীমা বিবাদ (BODER CONFLICT) ৷ অভিযোগ অনুসৰি মিজো দুষ্কৃতিকাৰীয়ে পুনৰ আগ্ৰাসন কৰিছে অসমৰ মাটি ৷ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শেহতীয়াকৈ মন্তব্য কৰিছে সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই ৷
দেওবাৰে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়ক কৰিম উদ্দিন বৰভূঞাই কয়, "এই সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসম চৰকাৰৰ দৃষ্টি আৰ্কষণ কৰিছো ৷ এই সীমান্ত সমস্যাই অসমৰ মানুহক দীৰ্ঘদিনৰ পৰাই জৰ্জৰিত কৰি আছে ৷ গতিকে অতি শীঘ্ৰে চৰকাৰে বিহিত ব্যৱস্থা কৰি অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পতিৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে ৷ ইপিনে সমগ্ৰ বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব সহকাৰে লৈছে" বুলিও উল্লেখ কৰিছে বিধায়ক গৰাকীয়ে ৷
উল্লেখযোগ্য যে, এতিয়াও মিজো আৰক্ষীৰ (MIZO-POLICE) তত্বাৱধানত একাংশ মিজো দুষ্কৃতিকাৰীয়ে অসম মাটি বেদখল কৰি আৱাসগৃহ নিৰ্মাণ কৰি আছে ৷ সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলক প্ৰাণে মৰাৰ ভাবুকিৰে আগ্ৰাসন অব্যাহত ৰাখিছে মিজো দুষ্কৃতিকাৰীয়ে ৷ বিগত কিছু দিন ধৰি অব্যাহত থকা এই আগ্ৰাসনত মিজো আৰক্ষীৰ (RI) আৰ আই বাহিনী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে (LOCAL PEOPLE) ৷
স্থানীয় লোকে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি মিজো দুষ্কৃতিকাৰীয়ে সীমান্তৱৰ্তী অঞ্চলৰ অসমৰ লোকৰ ঘৰ জ্বলাই দিছে ৷ তদুপৰি সীমান্তৰ্তী অঞ্চলত গছ-গছনি কাটি এক আতংকময় পৰিৱেশ সৃষ্টি কৰিছে মিজো দুষ্কৃতিকাৰীয়ে ৷ ইয়াৰ ফলত অধিক আতংকিত হৈ পৰিছে অসম-মিজোৰাম (ASSAM MIZORAM) সীমান্তৱৰ্তী অঞ্চলৰ লোকসকল ৷
মিজোৰ আগ্ৰাসনত আতংকিত হৈ এতিয়া ঘৰ-বাৰী এৰি অন্য ঠাইলৈ পলায়ন কৰিবলৈ বাধ্য হৈছে সীমান্তৱৰ্তী লোকসকল ৷ ইফালে এই সন্দৰ্ভত স্থানীয় আৰক্ষীৰ লগতে জিলা প্ৰশাসনক অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ সংবাদমেলযোগে কিন্তু বৰভূঞাই এই বিষয়ত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰা বুলি সদৰী কৰে ৷
লগতে পঢ়কঃ 1 আগষ্টৰ পৰা অ’লা-উবেৰ বৰ্জন ছয় সহস্ৰাধিক কেব চালকৰ