কাচাৰ, 7 জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ এটা সঁজাতি দলে মঙলবাৰে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনশ্যন কেম্প ভ্ৰমণ কৰে ৷ এই দলটোত উপস্থিত আছিল এইছ. এছ. সিং, অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ডি. শইকীয়া আৰু ডি. মুখাৰ্জী ৷
ডিটেনশ্যন কেম্পত উপস্থিত হৈ সঁজাতি দলৰ সদস্য ডি. শইকীয়াই জানিবলৈ দিয়ে যে, তেওঁলোকে বন্দী শিবিৰসমূহত থকা লোকসকল আৰু তেওঁলোকৰ সন্তান কেনে অৱস্থাত আছে, কেনেধৰণৰ সুযোগ-সুবিধা লাভ কৰিছে আৰু কি কি সমস্যাৰ সন্মুখীন হৈছে সেই সম্পৰ্কত এখন প্ৰতিবেদন তৈয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ হাতত দিব লাগিব ৷ তেওঁ লগতে জনাই যে, ইতিমধ্যে কাগজ-পত্ৰ চাই আদালতৰ নিৰ্দেশত বহু কেইজন বন্দীক ৰেহাই দিয়া হৈছে ৷
আৰু পঢ়ক : অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক সাল-সলনি