ETV Bharat / state

ৰোগীয়ে ঈশ্বৰ জ্ঞান কৰা চিকিৎসক গৰাকী - cachar cancer hospital

কৰ্কট ৰোগৰ বিশেষজ্ঞ এই গৰাকী দক্ষিণ ভাৰতীয় চিকিৎসক অসমলৈ আহিছিল 1972 চনত ৷ মেহেৰপুৰস্থিত কাছাৰ কেন্সাৰ হাস্পতালত কৰ্তব্য আৰম্ভ কৰে ডাঃ ৰবি কান্নানে ৷ বৰ্তমান সময়ত কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীৰ যিসকলে তেওঁৰ চিকিৎসা গ্ৰহণ কৰিছে, সকলোৱেই ঈশ্বৰ জ্ঞান কৰিছে ডাঃ কান্নানক ৷

Dr. Ravi Kannan
Dr. Ravi Kannan
author img

By

Published : Aug 20, 2020, 6:54 PM IST

শিলচৰ, 20 আগষ্ট : এজন বিশেষ চিকিৎসক ৷ যিগৰাকী চিকিৎসকৰ মাজত ৰোগীয়ে দেখা পাই ঈশ্বৰক ৷ তেওঁৰ নাম ডাঃ ৰবি কান্নান ৷ কৰ্কট ৰোগৰ বিশেষজ্ঞ এই গৰাকী দক্ষিণ ভাৰতীয় চিকিৎসক অসমলৈ আহিছিল 1972 চনত ৷ বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ শিলচৰ চহৰৰ মেহেৰপুৰস্থিত কাছাৰ কেন্সাৰ হাস্পতালত কৰ্তব্য আৰম্ভ কৰে ডাঃ ৰবি কান্নানে ৷ তেওঁ যেতিয়া চেন্নাইত কৰ্মৰত আছিল, তেতিয়াই শুনিছিল কাছাৰ কেন্সাৰ হাস্পতালৰ কথা ৷ চিকিৎসালয় কৰ্তৃপক্ষই যোগাযোগ কৰাত অসমলৈ আহিবলৈ মন মেলে ডাঃ কান্নানে ৷ কিন্তু তেতিয়ালৈকে তেওঁৰ আৰু পৰিয়ালৰ মনত ধাৰণা আছিল যে, অসম মানে বান আৰু সন্ত্ৰাসৰ ভূমি ৷ সেয়ে পৰিয়ালে বাধা দিছিল ৷ কিন্তু এবাৰ অসম চাই অহাৰ হাবিয়াসেৰে 1972 চনত কাছাৰ পালেহি এইগৰাকী চিকিৎসক ৷

ৰোগীয়ে ঈশ্বৰ জ্ঞান কৰা চিকিৎসক গৰাকী

অসমত ভৰি থৈ তেওঁ খা-খবৰ ল’লে বিদ্যালয় আৰু বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ ৷ অসমৰ মানুহৰ ব্যৱহাৰ আৰু আন্তৰিকতাই বাৰুকৈয়ে মুগ্ধ কৰিলে ডাঃ কান্নানক ৷ তেতিয়াৰে পৰা এইখন চিকিৎসালয়তে কৰ্তব্য সম্পাদন কৰি গ’ল তেওঁ ৷ প্ৰথমে দুজন চিকিৎসকেৰে আৰম্ভ কৰি আজি গোটেই ভাৰততে নাম জিনিবলৈ সক্ষম হৈছে এই হাস্পতালখন । বৰ্তমান সময়ত কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীৰ যিসকলে তেওঁৰ চিকিৎসা গ্ৰহণ কৰিছে, সকলোৱেই ঈশ্বৰ জ্ঞান কৰিছে ডাঃ কান্নানক ৷ 2020 বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰিছে এইগৰাকী মানৱ দৰদী চিকিৎসকে ৷

পদ্মশ্ৰী ডাঃ ৰবি কান্নান

যিমান পাৰে কম খৰচত ৰোগীক সহায় কৰিবলৈ প্ৰস্তুত ডাঃ ৰবি কান্নান আৰু তেওঁৰ চিকিৎসা দল। হোম চাৰ্ভিছৰ দ্বাৰা ফোন কৰি ৰোগীক পৰামৰ্শ প্ৰদান কৰা, টেলি মেডিচিন আৰু ভিডিঅ’ কংফাৰেন্স যোগে ৰোগীৰ চিকিৎসা কৰাৰ সুবিধা প্ৰদান কৰিছে তেওঁলোকে ।

ডাঃ ৰবি কান্নানৰ সৈতে বিশেষ সাক্ষাৎকাৰ

এসময়ত বান আৰু সন্ত্ৰাসৰ ভূমি বুলি ভবা অসমে মৰম আৰু শ্ৰদ্ধাৰে আকোঁৱালি ল’লে ডাঃ কান্নানক, আৰু কান্নানেও মুগ্ধ হৈ 52 বছৰ বাস কৰিলে এই অসমত ৷ ৰোগীক যঠেষ্ট মৰমেৰে বুজনি দি চিকিৎসাৰে তথা মানসিকভাৱে সবল কৰি তোলা বাবেই সকলোৰে প্ৰিয় তেখেত ৷ চিকিৎসালয়খনলৈ কেঞ্চাৰ চিকিৎসাৰ বাবে অহা প্ৰতিজনৰেই মুখৰ পৰা ভাঁহি আহে এটা নাম, কান্নান ছাৰ ৷

লগতে পঢ়ক : ৭৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.