ETV Bharat / state

কাছাৰ আৰক্ষী বৃহৎ সফলতা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কাছাৰতো অব্যাহত ড্ৰাগছ বিৰোধী অভিযান ৷ শুকুৰবাৰে কাছাৰ আৰক্ষীয়ে (Cachar Police) পৃথকে পৃথকে ড্ৰাগছৰ বিৰুদ্ধে চলায় তিনিটাকৈ অভিযান ৷ তিনিওটা অভিযানতে জব্দ কৰা হয় লক্ষাধিক টকাৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী ৷ লগতে আটক কৰা হয় কেইবাজনো ব্যক্তিক ৷

author img

By

Published : Jul 17, 2021, 9:59 AM IST

cachar police seized huge amount of drugs
কাছাৰ আৰক্ষী বৃহৎ সফলতা

শিলচৰ, 17 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিদিনাই উৎখাত কৰা হৈছে ড্ৰাগছৰ ঘাটি তথা জব্দ কৰা হৈছে বহু নিচাজাতীয় সামগ্ৰী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কাছাৰ আৰক্ষীয়েও (Cachar Police) তাব্ৰতৰ কৰি তুলিছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ শুকুৰবাৰেও কাছাৰ আৰক্ষীয়ে চলায় এনে এক অভিযান ৷

শুকুৰবাবে পুৱাৰ ভাগত চলা অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় 50 হাজাৰ নিচাজাতীয় টেবলেট ৷ যাৰ বজাৰ মূল্য বহু লক্ষাধিক টকা হ’ব বুলি অনুমান কৰিছে কাছাৰ আৰক্ষাীয়ে ৷ লগতে আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত জব্দ কৰে এখন ট্ৰাক আৰু আটক কৰা হয় ট্ৰাকখনৰ চালকজনকো ৷

কাছাৰ আৰক্ষীয়ে সদৰি কৰা অনুসৰি, শিলচৰ ইম্ফলৰ 37 নংৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰা ট্ৰাকখন মণিপুৰৰ পৰা আহিছিল ৷ ইফালে আটকাধীন ব্যক্তিজন পূৱ মণিপুৰৰ ইম্ফলৰ বাসিন্দা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে ৷ আটকাধীন ব্যক্তিজনৰ নাম মহম্মদ চেলিমুদ্দিন বুলি জানিব পৰা গৈছে ৷

কাছাৰ আৰক্ষী বৃহৎ সফলতা

ইফালে একেদিনাই দিলীপ সিং নামৰ এজন ব্যক্তিৰ ঘৰতো অভিযান চলায় কাছাৰ আৰক্ষীয়ে ৷ কাছাৰ আৰক্ষীৰ এছডিপিৰ নেতৃত্বত চলা এই অভিযান দিলীপ সিঙৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বহু পৰিমাণৰ গাঞ্জা ৷ বাসগৃহত গাঞ্জা লুকুৱাই ৰখাৰ অপৰাধত কাছাৰ আৰক্ষীয়ে আটক কৰে দিলীপ সিঙক ৷

আনহাতে, শুকুৰবাৰে পুৱা প্ৰায় 8:30 বজাত শিলচৰ আৰক্ষী চকীৰ অন্তৰ্গত আতাল বস্তিৰ মহম্মদ আব্দুল উদ্দিন নামৰ লোকজনৰ ঘৰতো অভিযান চলোৱা হয় ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰায় 27.69 গ্ৰাম হেৰ’ইন ৷ এই ঘটনাৰ সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে আটক কৰে মহম্মদ ইকবাল উদ্দিন চৌধুৰী আৰু মহম্মদ আবুল চৌধুৰী নামৰ দুজন লোকক ৷

উল্লেখ্য যে, কাছাৰ জিলাখনক ড্ৰাগছমুক্ত জিলা হিচাপে গঢ়ি তুলিবলৈ তৎপৰ হৈছে কাছাৰ আৰক্ষী ৷ প্ৰতিদিনাই কাছাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু অপৰাধী তথা ড্ৰাগছ সৰবৰাহকাৰীক ৷ বিগত কেইদিনৰ দৰে সদায় ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই থাকিব বুলি মন্তব্য প্ৰকাশ কৰিছে কাছাৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক: বিচনাৰ তলতে উদ্ধাৰ হস্ত নিৰ্মিত পিষ্টল সহ চোকা অস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.