ETV Bharat / state

কাছাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ ট্ৰাক জব্দ - teak wood seized

কাছাৰৰ লায়লাপুৰৰ অসম-মিজোৰাম সীমান্তত বন বিভাগৰ অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চেগুনৰ কাঠসহ দুখন ট্ৰাক ৷ জব্দ কৃত কাঠখিনিৰ মূল্য কেইবা লক্ষাধিক টকা হ‘ব বুলি অনুমান কৰা হৈছে ৷

Cachar Forest dept. seized teak wood
কাছাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ ট্ৰাক জব্দ
author img

By

Published : Apr 15, 2021, 9:13 PM IST

শিলচৰ,15 এপ্ৰিল: কাছাৰ জিলাৰ লায়লাপুৰত বৃহস্পতিবাৰে পুৱা বন বিভাগে অভিযান চলাই জব্দ কৰে অবৈধভাৱে চেগুন কাঠ কঢ়িয়াই নিয়া দুখন ট্ৰাক ৷ অবৈধভাৱে বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠ কঢ়িয়াই মিজোৰামৰ পৰা অসমত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে বাহন দুখন জব্দ কৰে বন বিভাগে ৷ জব্দ কৃত কাঠখিনিৰ মূল্য কেইবা লক্ষাধিক টকা হ‘ব বুলি জানিবলৈ দিছে বনকৰ্মীয়ে ৷

কাছাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ ট্ৰাক জব্দ

ইফালে ট্ৰাক কেইখন বন বিভাগে ৰখাবলৈ চেষ্টা কৰাৰ সময়তে চালক দুজনে ট্ৰাক ৰখাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ যাৰ পাছতে বন বিভাগে গাড়ী দুখন জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে ৷

উল্লেখ্য যে, অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা দীৰ্ঘদিন ধৰি একাংশ দুষ্কৃতিকাৰীয়ে অবৈধ ভাৱে চোৰাং কাঠ অসমলৈ সৰবৰাহ কৰি আহিছে ৷

লগতে পঢ়ক: পাঠশালাৰ কেশৰী বায়’ প্ৰডাক্টত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.