কাছাৰ, 20 ডিচেম্বৰঃ কাছাৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ কাছাৰৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ নেতৃত্বত আৰক্ষী আৰু আসাম ৰাইফলছৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হয় নগদ ৫,৪৩,৬০৯ টকাৰ লগতে বহু লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ,ইয়াব্বা,নাপটেন টেবলেটসহ কেইবাটাও মোবাইল ফোন ৷ বৃহস্পতিবাৰে অসম মেঘালয় সীমান্তৰ লায়লাপুৰত অভিযান চলাই জব্দ কৰে উক্ত সামগ্ৰীসমূহ ৷
উল্লেখ্য যে,আৰক্ষীয়ে এইপৰ্যন্ত ঘটনাৰ লগত জড়িত মূল অভিযুক্ত আজাহাৰ উদ্দিনক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ বিপৰীতে আৰক্ষীয়ে তেখেতৰ পত্নীক আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক- উন্নাও ধৰ্ষণ গোচৰৰ অভিযুক্ত ছেংগাৰৰ ৰায়দান