ETV Bharat / state

কংগ্ৰেছক সমালোচনা কাছাৰ বিজেপিৰ সভাপতি কৌশিক ৰায়ৰ

author img

By

Published : May 30, 2020, 10:56 AM IST

শুকুৰবাৰে কাছাৰ জিলা বিজেপিৰ সভাপতি কৌশিক ৰায়ৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে সভাপতিগৰাকীয়ে ৷ কংগ্ৰেছ চৰকাৰে ‘স্পীক আপ্ ইণ্ডিয়া’ নামৰ এক নতুন ৰাজনীতিৰ সহায় লৈ ৰাইজৰ কাষ চাপিব বিচাৰিছে বুলি তেওঁ সমালোচনা কৰে ৷

কংগ্ৰেছক সমালোচনা কাছাৰ বিজেপিৰ সভাপতি কৌশিক ৰায়ৰ
কংগ্ৰেছক সমালোচনা কাছাৰ বিজেপিৰ সভাপতি কৌশিক ৰায়ৰ

কাছাৰ, 30 মে’: কাছাৰ জিলা বিজেপিৰ সভাপতি কৌশিক ৰায়ে শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে l তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ চৰকাৰক ৷ সমালেচনা কৰি তেওঁ কয় যে, ‘স্পীক আপ্ ইণ্ডিয়া’ নামৰ এক নতুন ৰাজনীতি আৰম্ভ কৰিছে কংগ্ৰেছে আৰু ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে । কংগ্ৰেছৰ এই ৰাজনীতিক অবাস্তৱ বুলি কৈ তীব্ৰ নিন্দা আৰু ধিক্কাৰ জনাইছে বিজেপিৰ সভাপতিগৰাকীয়ে ।

লগতে তেওঁ কয় যে, কংগ্ৰেছ এতিয়া জনবিচ্ছিন্ন হৈছে আৰু সেইবাবে তেওঁলোকে চ’ছিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে । প্ৰাক্তন সাংসদ সুস্মিতা দেৱ লক ডাউনৰ সময়ত ৰাইজৰ মাজত থকাৰ দৰকাৰ আছিল । কিন্তু তেওঁ দিল্লীতহে গৈ বহি আছে । প্ৰাক্তন সাংসদ সুস্মিতা দেৱকো এইদৰে সমালোচনা কৰে বিজেপিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: ওদালগুৰিত 9 জনৰ দেহত ধৰা পৰিল COVID-19 ৰ উপস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.