শিলচৰ, ৩ ডিচেম্বৰ: বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি কালাইন লক্ষ্মীপুৰত যোৱা ২৮ নৱেম্বৰত সংঘটিত দুৰ্ঘটনাৰ তদন্তৰ দাবী জনায় নিখিল বিষ্ণুপ্রিয়া মণিপুৰী মহাসভা সংস্কৃতি পৰিষদ মহাসভাৰ কালাইন আঞ্চলিক কমিটীয়ে । যোৱা ২৮ নৱেম্বৰত ৬ নং বদৰপুৰ-জোৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কালাইন লক্ষ্মীপুৰত ডাম্পাৰৰ খুন্দাত নিহত হৈছিল দুজনকৈ লোক । কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে ডাম্পাৰখন চিনাক্ত কৰি চালকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।
সেয়ে, কালাইন আঞ্চলিক কমিটীয়ে বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি শীঘ্ৰে চালকজনক আটক কৰিবলৈ দাবী জনায় আৰু নিহতৰ পৰিয়ালক ১০ লাখ টকাৰ সাহায্য আগবঢ়াৱলৈ দাবী জনায় । আৰক্ষীয়ে আটক কৰি নিয়া দুজন ছাত্ৰক মুকলি কৰি দিবলৈও নিখিল বিষ্ণুপ্রিয়া মণিপুৰী কেন্দ্ৰীয় সংস্কৃতি পৰিষদ মহাসভাৰ সভাপতিগৰাকীয়ে দাবী জনায় । দুদিনৰ ভিতৰত দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন চিনাক্ত কৰি চালকক আটক নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।