কাছাৰ, 19 মে' : আজি 19 মে', 1961 চনৰ আজিৰ দিনটোতেই শিলচৰ ৰে'লৱে ষ্টেচনক ভাষা শ্বহীদ ষ্টেচনৰ নামত নামাকৰণ কৰাৰ দাবীত আন্দোলন কৰিবলৈ গৈ শিলচৰৰ ৰেল ষ্টেচনত শ্বহীদ হৈছিল 11 জন লোক ৷
তাৰ পিছৰে পৰা প্ৰতি বছৰে বৰাক উপত্যকাৰ ৰাইজে আজিৰ দিনটোক ভাষা শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । কিন্তু এইবাৰ কোভিড-19 ৰ ভয়াৱহতাৰ কাৰণে অধিক লোকৰ সমাগম নোহোৱাকৈ বৰাকত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে ভাষা শ্বহীদ দিৱস ৷ শিলচৰ স্মশান ঘাট ,তাৰপুৰ ৰেল ষ্টেচনৰ উপৰিও বিভিন্ন ঠাইত পালন কৰা হৈছে ভাষা শ্বহীদ দিৱস ।
এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম চৰকাৰ তথা ভাৰত চৰকাৰে বৰাকৰ ৰাইজৰ সমস্যা সমূহক গুৰুত্ব সহকাৰে লৈ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে বুলি মন্তব্য কৰে ৷ মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে শিলচৰৰ বিধায়ক দিলীপ পাল; উপস্থিত থাকে অঞ্চলটোৰ ৰাইজ ৷ উপস্থিত সকলোৱে লক ডাউনৰ নিৰ্দেশনাক পালন কৰি সামাজিক দূৰত্ব বজাই শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷
লগতে পঢ়ক : COVID-19 ৰোগীৰ বাবে ভেন্টিলেটৰ প্ৰস্তুতি ফিটবিটৰ