ETV Bharat / state

শিলচৰৰ ৰাজপথত হাতত অস্ত্ৰ লৈ বজৰং দল, দুৰ্গা বাহিনীৰ শক্তি প্ৰদৰ্শন

author img

By

Published : Dec 24, 2020, 4:29 PM IST

শিলচৰত বজৰং দল আৰু দুৰ্গা বাহিনীৰ বিশাল সমদল । হাতে হাতে অস্ত্ৰ লৈ শক্তি প্ৰদৰ্শন কৰিলে বজৰং দল, দুৰ্গা বাহিনীয়ে । নিৰৱ দৰ্শক হৈ চাই থাকিল আৰক্ষীয়ে ।

ৰাজপথত হাতত অস্ত্ৰ লৈ বজৰং দল, দুৰ্গা বাহিনীৰ শক্তি প্ৰদৰ্শন

শিলচৰ, ২৪ ডিচেম্বৰ: অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ আনন্দত শিলচৰত আজি বজৰং দল আৰু দুৰ্গা বাহিনীয়ে এক বিশাল সমদল উলিয়ায় । প্ৰায় ৫ হাজাৰ কৰ্মকৰ্তাই হাতত চোকা অস্ত্ৰ লৈ সমদলত অংশগ্ৰহণ কৰে । সমদলকাৰীৰ হাতত তৰোৱাল দেখাৰ পিছতো নিৰৱে ৰৈ থাকিল আৰক্ষী । ২০২১ চনৰ ১৫ জানুৱাৰীৰ পৰা অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাতো প্ৰায় খাটাং হোৱাৰ পিছতে আজি এনেদৰে বজৰং দল আৰু দুৰ্গা বাহিনীয়ে আনন্দ প্ৰকাশ কৰে ৷

পুৱা চহৰখনৰ আশ্ৰম ৰোডলৈকে সমদল বাহিৰ কৰা হয় । সমদল উলিওৱালৈকে ঠিকেই আছিল । কিন্তু বজৰং দল আৰু দুৰ্গা বাহিনীৰ সদস্যসকলে ৰাজপথত চোকা অস্ত্ৰ লৈ সমদল কৰা কাৰ্যৰ বাবে এতিয়া সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে । আশ্চর্যজনকভাৱে, হাতত অস্ত্ৰ লৈ উলিওৱা বজৰং দলৰ এই সমদলক আৰক্ষীয়ে বাধা দিয়াৰ বিপৰীতে এই সমদলক সুৰক্ষা দিয়াহে পৰিলক্ষিত হয় ৷

বজৰং দল আৰু দুৰ্গা বাহিনীৰ এনে কাণ্ডক লৈ শিলচৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষী সষ্টম হৈ থকাৰ পিছতো এনেদৰে অস্ত্ৰ লৈ সমদলক বাধা নিদিয়াক লৈও ক্ষুদ্ধ হৈছে বহু সচেতন ৰাইজ ।

লগতে পঢ়ক:বৰপেটাত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.