শিলচৰ, 4 আগষ্ট : পাঁচ আগষ্ট 2020 ৷ ভাৰতৰ ইতিহাসত ৰচিত হ'ব এটা নতুন অধ্যায় ৷ পাঁচ আগষ্টত অযোধ্যাত আধাৰশিলা স্থাপন কৰা হ'ব ৷ ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ যাৰ বাবে সু সজ্জিত কৰি তোলা হৈছে অযোধ্যা ৷ 2.77 একৰ ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ ৷
দেশৰ ভিতৰতে অন্যতম বৃহৎ মন্দিৰ হিচাপে পৰিগণিত হ'বলগীয়া ৰাম মন্দিৰত জিলিকিব এগৰাকী অসম সন্তানৰ বিশেষ কলা ৷ ৰাম মন্দিৰ প্ৰাংগনত নিৰ্মাণ হ'ব লগীয়া ৰাম কুঞ্জত দেখা পোৱা যাব ৰাম জন্মৰ পৰা ৰাজ্যাভিষেকলৈকে বিভিন্ন ক্ষণৰ প্ৰতিকাত্মক চিত্ৰণ ৷ মূৰ্তিৰ দ্বাৰা দেখুওৱা হ'ব এইসমূহ ৰাম কথা ৷ ৰামকুঞ্জত থাকিবলগীয়া মূৰ্তি সমূহৰ নিৰ্মাণৰ আঁৰত আছে ৰঞ্জিত মণ্ডল ৷
প্ৰায় 99 শতাংশ মূৰ্তি নিৰ্মাণ কৰিছে অসমৰ কাছাৰ জিলাৰ এইজন শিল্পীয়ে ৷ স্কুলত পঢ়ি থকাৰ কালৰে পৰা মূৰ্তি নিৰ্মাণ কৰিছিল ৰঞ্জিতে ৷ শৈশৱত ধেমালিতে নিৰ্মাণ কৰা মূৰ্তিৰ এতিয়া পেচাগত ভাৱে নিৰ্মাণ কৰে ৰঞ্জিতে ৷ ভাৰতৰ বিভিন্ন স্থানৰ মন্দিৰত এই দ্বৰে মূৰ্তি নিৰ্মাণ কৰিছে এইজন অসম সন্তানে ৷
ৰঞ্জিতৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মূৰ্তিয়ে ৰাম মন্দিৰত স্থান পাইছে ৷ স্থানীয় তীৰ্থযাত্ৰী ভক্তবৃন্দৰ লগতে বিদেশী পৰ্যটকেও দেখিব ৰঞ্জিতৰ কলা ৷ যাৰ বাবে উৎফুল্লিত হৈ পৰিছে শিল্পীজনৰ পৰিয়ালৰ লোক ৷ কৌটি কৌটি ভাৰতীয়ৰ অপেক্ষাৰ অন্ত ৰাম মন্দিৰ স্থাপন হ'ব ৰাম জন্মভূমি অযোধ্যাত ৷ সেই মন্দিৰৰ ৰামকুঞ্জত জিলিকিব অসম সন্তানৰ কাৰুকাৰ্য, এইয়া অসমৰ বাবে স্বাভাৱিকতেই গৌৰৱৰ কথা ৷
লগতে পঢ়ক : ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ ইতিহাস